ETV Bharat / state

Ranoj Pegu on AASU: কোচিং চেন্টাৰৰ জালত নপৰিবলৈ আছুক সাৱধানবাণী শিক্ষামন্ত্ৰী ডাঃ পেগুৰ

author img

By

Published : Jun 16, 2023, 8:29 PM IST

Assam Education minister slams AASU
protest against govt education system

আছু আৰু আন কেইবাটাও জাতীয় সংগঠনৰ দ্বাৰা চৰকাৰী শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক কটাক্ষ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ প্ৰতিবাদকাৰী সংগঠনক আওপকীয়াকৈ ব্যক্তিগত কোচিং চেন্টাৰৰ এজেন্ট আখ্যা শিক্ষামন্ত্ৰীৰ ৷

আছুক সাৱধানবাণী শিক্ষামন্ত্ৰী ডাঃ পেগুৰ

গুৱাহাটী, ১৬ জুন: অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ মাধ্যম বিতৰ্কক লৈ আছুকে ধৰি বিভিন্ন জাতীয় সংগঠনে অব্যাহত ৰখা আন্দোলনৰ সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, আছুৱে মাতৃভাষা মাধ্যমৰ বিপক্ষে গৈ ব্যক্তিগত কোচিং চেণ্টাৰ স্থাপনৰ পোষকতা কৰি আন্দোলন কৰিছে । চৰকাৰী শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধাচাৰণ কৰি আছুৰ দৰে সংগঠনসমূহে ব্যক্তিগত কোচিং চেন্টাৰৰ সপক্ষে ঠিয় দিয়া বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

তেওঁ আৰু লগতে কয়, যিসকলে আন্দোলন কৰি আছে তেওঁলোক কোচিং চেণ্টাৰ বিলাকৰ উচটনিত কাম কৰি আছে ৷ কোচিং চেণ্টাৰৰ স্বাৰ্থত কাম কৰি আছে । চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে কাম কৰি আছে । কোচিং চেণ্টাৰৰ সপক্ষে তেওঁলোকে এটা প্ৰপাগাণ্ডাত নামিছে, যিটো প্ৰপাগাণ্ডা খুব ভাল নহয় ।

মাধ্যম বিতৰ্কক লৈ সদৌ অসম ছাত্ৰ সন্থাই কৰি থকা আন্দোলনৰ কোনো ন্যায্যতা নাই বুলি উল্লেখ কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷ আছুক ৰাজ্যৰ বিদ্যালয় তথা মহাবিদ্যালয় সমূহত ছাত্র-ছাত্ৰীয়ে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ ছাত্র-ছাত্ৰীক উদগনি দিয়াৰ বাবে চৰকাৰৰ সহযোগ কৰিবলৈ শিক্ষামন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক: Pradyut Bordoloi slams CM: মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰদ্যুত বৰদলৈৰ

উল্লেখ্য যে, বুধবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ২০২৩-২৪ শিক্ষা বর্ষৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ বুনিয়াদী সাক্ষৰতা আৰু শিকনি সামগ্ৰী বিতৰণ কৰা হয় । এই উপলক্ষে গুৱাহাটীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ কেন্দ্ৰীয় ভঁৰাল গৃহ প্ৰাংগনত অযোজন কৰা হয় এক অনুষ্ঠানৰ ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত কিতাপ আৰু শিক্ষণ সমগ্রী কঢ়িওৱা বাহনৰ ফ্লেগ অফ্ কৰে ।

বুনিয়াদী সাক্ষৰতা, সাংখ্যিকতাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে 'নিপুণ অসম'ৰ অধীনত অসমৰ ১৯ হাজাৰ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ১০ খন বাহন যোগে ৮৭.৬০ লাখ কিতাপ আৰু শিক্ষণ সামগ্ৰী বিতৰণ কৰা হ’ব ৷ সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে । বিশেষকৈ তিনি বছৰ বয়সৰ পৰা ন বছৰ বয়সৰ ছাত্র-ছাত্ৰীৰ বাবে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে অসমীয়া, বাংলা, বড়ো, মণিপুৰী, গাৰো আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰিছে কিতাপসমূহ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.