Lok Sabha Election 2024 : RSSৰ পৰামৰ্শ অনুসৰি সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ পৰিকল্পনা বিজেপিৰ

author img

By

Published : Jan 24, 2023, 4:22 PM IST

Lok Sabha Election 2024

সন্মুখত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024)৷ পূৰ্ণগতিত প্ৰস্তুতি চলাইছে অসম বিজেপিয়েও ৷ কিন্তু ৰাজ্যিক বিজেপিৰ কেতবোৰ সাংগঠনিক দিশক লৈ সন্তুষ্ট হোৱা নাই আৰ এছ এছ ৷ সেয়ে সাংগঠিনক দিশ শক্তিশালী কৰাৰ বাবে অসম বিজেপিক আৰ এছ এছে আগবঢ়াইছে বিশেষ পৰামৰ্শ ৷

গুৱাহাটী, ২৪ জানুৱাৰী : সন্মুখৰ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ(Lok Sabha Election 2024) এতিয়াও কিছু সময় বাকী যদিও এই দুয়োটা নিৰ্বাচনক লৈ শাসকীয় বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ সোমবাৰে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বিষয়ববীয়াৰ বৈঠক মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় ৷ মঙলবাৰে মৰিগাঁৱত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক পতা হৈছে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণ কৌশলৰ বাবে (Assam BJP executive meeting in Morigaon)৷

২০২৩ বৰ্ষটো সংগঠন বৰ্ষ হিচাবে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই(Assam BJP President) ঘোষণা কৰিছে এই কথা ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ দাবী- আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যিক বিজেপিৰ অসমত ১৪ খন আসনেই জয় কৰাৰ লক্ষ্য ৷ ১২ খন আসনত বিজয় নিশ্চিত বুলি দাবী কৰিছে কলিতাই ৷ পূৰ্বৰ আসন কেইখনৰ লগতে বৰ্তমান কংগ্ৰেছৰ হাতত থকা লোকসভা আসনকেইখন দখল কৰাটোও বিজেপিৰ মূল লক্ষ্য ৷

এইবাৰ কলিয়াবৰত গৌৰৱ গগৈৰ বিদায় নিশ্চিত বুলি দাবী কৰি লগতে ভৱেশ কলিতাই কয়- “২০২৩ বৰ্ষটো ’সংগঠন বৰ্ষ’ হিচাবে পালন কৰিব ৰাজ্যিক বিজেপিয়ে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বুথ আৰু পৃষ্ঠা সমিতিসমূহ অধিক শক্তিশালী পৰি তোলা হ’ব ৷ বুথ কমিতিসমূহত ব্যাপক ৰদ-বদল কৰা হ’ব’’৷ এইদৰে বিজেপিয়ে সংগঠনিক ভেঁটি পুনৰ মজবুতকৰণত গুৰুত্ব প্ৰদান কৰিছে ৷

প্ৰথমে ৪০ খন সাংগঠনিক জিলাৰ সভাপতিসকলক লৈ সোমবাৰে গুৱাহাটীত সাংগঠনিক সভাও অনুষ্ঠিত কৰে বিজেপিয়ে ৷ যোৱা ১৬-১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ(BJP national executive meeting in Delhi) সিদ্ধান্তসমূহ বুথ পৰ্যায়লৈ লৈ যোৱাটো অন্যতম কাৰ্যসূচী বিজেপিৰ ৷ বুথ পৰ্যায়লৈকে পুনৰ সাংগঠনিক ভেটি শক্তিশালীকৰণ কাৰ্যসূচীৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ আঁৰত আছে বিজেপিৰ মাৰ্গদৰ্শক স্বৰূপ আৰ এছ এছ-ৰ পৰামৰ্শ ৷

আৰ এছ এছৰ ভিতৰুৱা সূত্ৰ অনুসৰি ৰাজ্যিক বিজেপিৰ কেতবোৰ সাংগঠনিক দিশক লৈ সন্তুষ্ট নহয় আৰএছএছ ৷ ৰাজ্যখনৰ আৰ্থ-সামাজিক কেতবোৰ সমস্যা লৈ সাধাৰণ জনতাৰ মাজত বহু পৰিমাণে আগতকৈ বিজেপিৰ ওপৰত অসন্তুষ্টি বাঢ়িছে ৷ এই অসন্তুষ্টি যাতে বিৰোধী ভোটলৈ পৰিণত নহয় তাৰবাবে ৰাজ্যিক বিজেপি সাৱধান হোৱাৰ নিৰ্দেশ আৰএছএছৰ (RSS advices Assam BJP)৷

বিজেপিৰ ৰাজ্যখনত বাবে আটাইতকৈ শেহতীয়া উদ্বেগৰ বিষয় হ’ল- নতুন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত ৷ এই সংঘাতে কিছু প্ৰভাৱ পেলাইছে বুথ পৰ্যায়ৰ সাংগঠনিক দিশতো ৷ এই সংঘাতে যাতে আগন্তুক দুয়োটা নিৰ্বাচনত বিজেপিৰ ওপৰত প্ৰভাৱ নেপেলায় তাৰ বাবে ৰাজ্যিক বিজেপিলৈ ভিতৰুৱা নিৰ্দেশ প্ৰেৰণ কৰিছে আৰ এছ এছে ৷ এই নিৰ্দেশক লৈ যথেষ্ট সচেষ্ট হৈ পৰিছে ৰাজ্যিক বিজেপি ৷

আনহাতে, লগতে ক্ষমতাকেন্দ্ৰিক লবীয়ে যাতে বিষম ৰূপ নলয় তাৰ বাবেও সংগঠনটোৱে পৰামৰ্শ প্ৰদান কৰে৷ যাতে, ২০২৪ ত অসমত পূৰ্বৰ ৯ খন আসন অক্ষুন্ন থকাৰ লগতে অতিৰিক্ত আৰু ৩ খন আসন জয় লাভ কৰাত কোনো বাধা নাহে ৷ সেয়ে, যোৱা ১৬-১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সিধান্তসমূহ বুথ পৰ্যায়লৈ লৈ যোৱাটো অন্যতম কাৰ্যসূচী হিচাবে পৰিগণিত হৈছে বিজেপিৰ ৷

লগতে পঢ়ক: State BJP Executive : লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ লক্ষ্যৰে মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.