ETV Bharat / state

অসমক ভালপোৱা সকলোৰে বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 9:34 PM IST

apcc president bhupen bora comments on assam CM
বিজেপিক প্ৰত্যাহ্বান ভূপেন বৰাৰ

APCC President Bhupen Bora: টিকটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় অমিত শ্বাহৰ কথা কয় বুলি প্ৰশ্ন উত্থাপন কৰিছে ভূপেন বৰাই ?

ভূপেন বৰাৰ মন্তব্য

গুৱাহাটী, ২১ ডিচেম্বৰ : কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ টিকটবিলাকৰ ক্ষেত্ৰত তিনি নম্বৰ টেবুলৰ কথা কয় ? এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । লোকসভা নিৰ্বাচনৰ টিকটক লৈ কংগ্ৰেছ দলত দেখা দিয়া সংঘাত সন্দৰ্ভত বৃহস্পতিবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিৰ সংঘাতৰ কথা সদৰী কৰে ।

ভূপেন বৰাই কয় যে, টিকটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাইবা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা কয় । প্ৰধানমন্ত্ৰী বিজেপিৰ এক নম্বৰ নেতা আৰু দ্বিতীয়তে আহে দলৰ ৰাষ্ট্ৰীয় সভাপতি । কিন্তু মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ কথাহে কয় । বিজেপিত সংঘাত আছে বাবেহে মুখ্যমন্ত্ৰীয়ে টিকটৰ বেলিকা প্ৰধানমন্ত্ৰী নাইবা দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিপৰীতে অমিত শ্বাহৰ কথা কয় বুলি তেওঁ সদৰী কৰে ।

আনহাতে আবেদন কৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছ দলে কাকো টিকট দিম বুলি প্ৰতিশ্ৰুতি দিয়া নাই । কংগ্ৰেছৰ দুৱাৰ অসমক ভাল পোৱা প্ৰতিগৰাকী লোকৰ বাবে খোলা আছে । নতুনকৈ যোগদান কৰা সকলেও টিকট বিচাৰিব পাৰিব বুলি সদৰী কৰি তেওঁ কয় যে, নতুন বছৰত বহু নতুন মুখ দেখিবলৈ পোৱা যাব ।

তেওঁ লগতে বিজেপিক প্ৰত্যহ্বান জনাই কয় যে, বিজেপিয়ে কংগ্ৰেছৰ দৰে মুকলিকৈ আবেদন পত্ৰ ল’ব পাৰিব নেকি ? বিজেপিত যদি গণতন্ত্ৰ আছে তথা এজন মানুহৰ নেতৃত্বত চলা নাই তেন্তে সকলোকে আবেদন কৰাৰ সুযোগ দিয়ক বুলি তেওঁ বিজেপিক প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক : ৰাইজৰ কণ্ঠক চৰকাৰে অৱৰুদ্ধ কৰিব বিচাৰিছে :ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.