ETV Bharat / state

ৰাইজৰ কণ্ঠক চৰকাৰে অৱৰুদ্ধ কৰিব বিচাৰিছে :ভূপেন বৰা

অসমত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চই তীব্ৰ গতিবেগেৰে কাম কৰিব বুলি মন্তব্য় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ (Congress slams BJP in Chapar)। চাপৰত অনুষ্ঠিত হ'বলগীয়া ১৫ টা ৰাজনৈতিক দলৰ সন্মিলন সন্দৰ্ভতো তেওঁ মন্তব্য় আগবঢ়ায় ।

Congress press conference at Chapaguri
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল

Published : December 19, 2023 at 1:55 PM IST

Choose ETV Bharat
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল

চিৰাং, ১৯ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ সময় যিমানে ওচৰ চাপি আহিছে সিমানেই বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ তৎপৰতা । আন দলৰ লগতে কংগ্ৰেছেও কঁকালত বান্ধিছে টঙালি । চিৰাং জিলাৰ চাপাগুৰিত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল সম্বোধি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি দলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত অসমৰ বিৰোধী দল এক হৈছে ।

অহা ২৭ ডিচেম্বৰত ধুবুৰীৰ চাপৰত অনুষ্ঠিত হ'ব ১৫ টা ৰাজনৈতিক দলৰ সন্মিলন। এই সন্মিলন সন্দৰ্ভত কয় যে বিৰোধী ঐক্য়ই সকলো জাতি-জনগোষ্ঠীৰ হৈ কাম কৰি যাব । যিকোনো প্ৰকাৰে বিজেপিক ৰুধিবলৈ বিৰোধী দলে এক হৈ কাম কৰি যাব । আজি নতুন দিল্লীত ইণ্ডি এলায়েন্সৰ বৈঠকৰ পিছতেই অসমত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চই তীব্ৰ গতিবেগেৰে কাম কৰিব বুলি তেওঁ কয় ।

চাপৰত বিৰোধী ঐক্যমঞ্চৰ সন্মিলন অনুষ্ঠিত হোৱা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে অসমৰ প্ৰত্যেকটো স্থান হৈছে গুৰুত্বপূৰ্ণ । বিজেপি দলে আগতে কওক অসমৰ কোনটো অঞ্চল গুৰুত্বপূৰ্ণ নহয়,তাৰ পিছতেই আমি চিন্তা-চৰ্চা কৰিম ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কয়," বিজেপিয়ে বিগত নিৰ্বাচনত যিবোৰ মৌলিক সমস্য়া সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া আজিলৈকে প্ৰদান নকৰিলে ।" বিজেপি আহিলে বিদেশী যাব বুলি কৈছিল যদিও সেয়া কৰিলে নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ পুনৰ কয় যে মূল্য়বৃদ্ধি নিয়ন্ত্ৰণ হ'ব বুলি কৈছিল । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব বুলি কৈছিল । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি কৈছিল যদিও সেয়া হৈ নুঠিল । মোগলৰ বিৰুদ্ধে শেষ যুদ্ধ বুলি কোৱা বিজেপিয়ে জাতি, মাটি, ভেটি ৰক্ষা কৰিব পৰা নাই । আজি কিমানে ভূমিপট্টা পালে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কটাক্ষ কৰে । ইপিনে, চৰকাৰৰ ঋণ প্ৰসংগতো তেওঁ সৰৱ হৈ কয়," আজি মুখ্য়মন্ত্ৰীয়ে কৈছে যে চৰকাৰে ঋণ লৈছে যদিও ইয়াৰ বোজা জনসাধৰণৰ ওপৰত নপৰে ।" ৰাইজে এইবোৰ কথা এতিয়া নুবুজাকৈ থকা নাই বুলি তেওঁ কয় ।

লগতে পঢ়ক:সমাজৰ হৈ একেলগে কাম কৰি যোৱাৰ সংকল্প প্ৰাক্তন কে পি এল টি কেডাৰৰ