ETV Bharat / state

এবছৰৰ পাচত NRC ক লৈ তৎপৰতা ৰাজ্য চৰকাৰৰ

author img

By

Published : Aug 31, 2020, 10:45 PM IST

1 বছৰৰ পাচত NRCক লৈ পুনৰ তৎপৰতা ৷ খিলঞ্জীয়াৰ ৰক্ষাকৱচ NRCক লৈ এবছৰে চৰকাৰৰ ভেকোঁ-ভাওনা । NRCৰ পৰা বাদ পৰা লোকক বৰ্তমানলৈকে দিব নোৱাৰিলে 'ৰিজেকচন শ্লিপ'। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ NRC ক লৈ তৎপৰতা বিভাগীয় কৰ্তৃপক্ষৰ ৷ বিষয়াৰ হেমাহিত নাম বাদ পৰা ১৯ লাখৰ অধিকাংশৰে নাম অন্তৰ্ভুক্ত হ'ব NRC ত ।

NRC
এবছৰৰ পাচত NRC ক লৈ তৎপৰতা ৰাজ্য চৰকাৰৰ

গুৱাহাটী,৩১ আগষ্টঃ খিলঞ্জীয়াৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ পুনৰ তৎপৰ হৈ উঠিছে বিভাগীয় কৰ্তৃপক্ষ ৷ বিগত 1 বছৰে কোনো পদক্ষেপ গ্ৰহণ নকৰা কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ । উল্লেখ্য যে, NRCৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯,০৬,৬৫৭লাখ লোকৰ নাম । এই নাম অন্তৰ্ভুক্ত নোহোৱা সন্দেহজনক লোকক তালিকাৰ পৰা নাম বাদ পৰাৰ কাৰণ দৰ্শাই প্ৰমাণপত্ৰ দিয়াৰ কথা আছিল যদিও বিগত এটা বছৰে এই কাম সম্পূৰ্ণ নহ'ল। NRCৰ সমগ্ৰ প্ৰক্ৰিয়াতো সম্পূৰ্ণ হোৱাত বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল-সংগঠনে । সম্প্ৰতি নিৰ্বাচনৰ প্ৰাক-ক্ষণত নাম অন্তৰ্ভুক্ত নোহোৱা সন্দেহজনক লোকসকলক NRC কৰ্তৃপক্ষই 'ৰিজেকচন শ্লিপ' প্ৰদানৰ কাম আৰম্ভ কৰিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ।

১ ছেপ্টেম্বৰৰ পৰা NRCৰ পৰা নাম বাতিলৰ নিৰ্দেশনাৰ কোৱালিটি চেকিঙৰ বাবে সকলো জিলা উপায়ুক্ত আৰু ডিষ্ট্ৰিক্ট ৰেজিষ্টাৰ অৱ চিটিজেন ৰেজিষ্ট্ৰেচনক NRC ৰ ৰাজ্যিক সমন্বয়কে নিৰ্দেশ দিছে । NRCৰ চূড়ান্ত তালিকাৰ পৰা নাগৰিকৰ নাম বাদ পৰিলে তাৰ কাৰণ দৰ্শাই স্পিকিং অৰ্ডাৰ দিব লাগে সংশ্লিষ্ট বিষয়াই । বৰ্তমান এই স্পিকিং অৰ্ডাৰত দৰ্শোৱা কাৰণবোৰ আসোঁৱাহপূৰ্ণ হোৱা বাবে নতুন সমস্যাৰ উদ্ভৱ হৈছে । এই ক্ষেত্ৰত আসোঁৱাহপূৰ্ণ কাৰণৰ আপত্তি দেখুৱাই এজন সন্দেহজনক নাগৰিকে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিলে স্পিকিং অৰ্ডাৰ বাতিলৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগতে সন্দেহজনক নাগৰিকজনৰ নাম পুনৰ তালিকাভুক্ত হ'ব । এই প্ৰক্ৰিয়াই ইতিমধ্যে বিদেশী বুলি চিনাক্ত হোৱা লোকক নাগৰিকৰ মৰ্যাদা প্ৰদান কৰিব । গতিকে নাম অন্তৰ্ভুক্তিৰ নামত হোৱা খেলি-মেলি ঠিক কৰিবলৈ এতিয়া NRCৰ ৰাজ্যিক সমন্বয়কে স্পিকিং অৰ্ডাৰ পৰীক্ষণৰ নিৰ্দেশ দিছে । যাতে কিছুমান বিষয়াৰ হেমাহিৰ বাবে বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব নোৱাৰে । আনহাতে খিলঞ্জীয়াৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হৈ উঠাত চৰকাৰে বাধা প্ৰদান কৰিছে বুলি অসম সংগ্ৰামী মঞ্চই এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়কঃ পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসনৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.