ETV Bharat / state

Recruitment in Assam Police : ২,৪৫০ টা কনিষ্টবলৰ পদৰ বাবে বিজ্ঞাপন মুকলি

author img

By

Published : Dec 8, 2021, 11:15 AM IST

অসম আৰক্ষীত খালী পদ পূৰণ(Recruitment in Assam Police) ৰ বাবে বিজ্ঞাপন মুকলি ৷ প্ৰকাশিত বিজ্ঞাপন অনুসৰি, প্ৰায় ২,৪৫০ টা কনিষ্টবলৰ পদত দিয়া হ’ব নিযুক্তি ৷

advertisement-about-recruitment-in-assam-police-release
অসম আৰক্ষীত বিজ্ঞাপন

গুৱাহাটী, 8 ডিচেম্বৰ : নতুন চৰকাৰে শাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মুকলি কৰিছে চাকৰিৰ বিজ্ঞাপন ৷ পূৰ্বে ড৹ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছিল যে, অসম আৰক্ষীত শীঘ্ৰে মুকলি কৰা হ’ব একাধিক পদৰ বাবে বিজ্ঞাপন ৷ সেই অনুসৰি, একাধিক খালী পদ পূৰণ(Recruitment in Assam Police) ৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে বিজ্ঞাপন ৷

শেহতীয়াভাৱে অসম আৰক্ষীৰ অধীনত নতুন Command Battalion গঠন কৰাৰ বাবে প্ৰায় ২,৪৫০ টা কনিষ্টবলৰ সশস্ত্ৰ শাখাৰ পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে ৷ ইয়াৰে ২,২২০ টা পদ পুৰুষ আৰু তৃতীয় লিংগৰ প্ৰাৰ্থীৰ বাবে ৷ আকৌ ১৮০ টা পদ মহিলাৰ বাবে আৰু ৫০ টা পদ Nursing ৰ বাবে সংৰক্ষিত ৷

ইপিনে, অসম আৰক্ষীৰ অধীনষ্ঠ ৩০৬ টা উপ পৰিদশৰ্কৰ(Un-Armed Branch) পদৰ বাবেও মুকলি কৰা হৈছে বিজ্ঞাপন ৷ লগতে ৭০৫ টা কনিষ্টবল (Un-Armed Branch) পদৰ বাবে আৰু ১,৪২৩ টা কনিষ্টবলৰ সশস্ত্ৰ শাখাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্য যে, এই বিজ্ঞাপনৰ সবিশেষ অসম আৰক্ষীৰ www.slprbassam.in ৱেবছাইটত উপলব্ধ হৈছে ৷ নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া এই পদসমূহ একাংশ বিভিন্ন ক্ষেত্ৰৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ(Reserve Post)ৰ ব্যৱস্থা কৰা হৈছে ৷ এই নিযুক্তিৰ সম্পৰ্কত সবিশেষ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মঙলবাৰৰ নিশা টুইটাৰযোগে সদৰী কৰিছে ৷

লগতে চাওক: Drugs Seized at Indo-Myanmar border : মণিপুৰ-ম্যানমাৰ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.