ETV Bharat / state

Samujjal Reacts on CAG Report: NRCৰ কেলেংকাৰীৰে জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবী আছুৰ

author img

By

Published : Dec 25, 2022, 7:08 PM IST

NRCক লৈ সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰীৰ তথ্য কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ NRCৰ কেলেংকাৰী আৰু ধন হৰলুকিৰে জড়িতসকলক কঠোৰতম শাস্তি বিহাৰ দাবী ড৹ ভট্টাচাৰ্যৰ ৷ অসমৰ খিলঞ্জীয়াৰ ৰক্ষা কবচ NRCক লৈ দুৰ্নীতি আৰু ধনৰ হৰলুকি কোনো কৰাণতে সহ্য কৰা নহ’ব বুলিও সকিয়াই দিয়ে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

Samujjal Reacts on CAG Report
NRCৰ কেলেংকাৰীৰে জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবী আছুৰ

NRCৰ কেলেংকাৰীৰে জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবী আছুৰ

গুৱাহাটী, 25ডিচেম্বৰ: কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে অসমত NRCৰ নামত সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰী তথ্য(CAG report on NRC) ৷ কেগৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে বিয়াগোম কেলেংকাৰীৰ তথ্য(Assam NRC sacm) ৷ কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এই ভয়াৱহ কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই(Samujjal kr Bhattacharya) ৷ কেগৰ প্ৰতিবেদন অনুসৰি NRCৰ নামত প্ৰায় 260 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে(Massive scam in NRC) ৷

এই বৃহৎ কেলেংকাৰীৰে জড়িত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷ গুৱাহাটীত আজি এক সংবাদমেল সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, ‘‘অসমৰ খিলঞ্জীয়াৰ(Indigenous Assamese people) ভৱিষ্যতৰ সৈতে জড়িত থকা এটা বিষয়ক লৈ খেলি-মেলি কৰা সকলক বিলম্ব নকৰি শীঘ্ৰেই শাস্তি প্ৰদান কৰিব লাগে ৷ আমি এখন শুদ্ধ বাংলাদেশী মুক্ত(Bagladeshi free NRC) নাগৰিকপঞ্জীৰ বাবে অপেক্ষা কৰি আছোঁ আৰু এয়া NRCৰ উন্নীত কৰণ এক দীঘলীয়া সংগ্ৰামৰ অন্তত হৈছে ৷ সেয়ে কোনোৱে দুৰ্নীতি কৰিলে সহ্য কৰিব নোৱাৰি ৷’’

উচ্চতম ন্যায়ালয়ৰ(Supreme court of India) নিৰ্দেশা অমান্য নকৰাৰ বাবেই NRCত ত্ৰুটি ৰৈ গ’ল বুলি কোৱাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ(National Register of Citizens) পুনৰীক্ষণৰ বাবে(Re-examination of NRC) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ত দাবী জনাবলৈ আহ্বান সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷ সমান্তৰালভাৱে, কেগৰ প্ৰতিবেদনত NRCক লৈ হেতালি খেলাহে পৰিলক্ষিত হ’ল বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

অসমৰ খিলঞ্জীয়াৰ ৰক্ষাকবচ NRCক লৈ দুৰ্নীতি আৰু ধনৰ হৰলুকি কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও সকিয়াই দিয়ে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ প্ৰাক্তন NRC সমন্বয়ক প্ৰতীক হাজেলাও(Former NRC coordinator Prateek Hajela) যদি কেলেংকাৰীৰে জড়িত আছে তেন্তে তেওঁকো শাস্তি দিয়ক বুলি মন্তব্য সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷

উল্লেখ্য যে, কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতিৰ লগতে বৃহৎ কেলেংকাৰীৰ তথ্য উন্মোচিত হয় । প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল । আনহাতে এন আৰ চিৰ বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল । সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ক্ৰয় কৰা হৈছিল ৯৩৯৬৫ টকাত । তদুপৰি ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ বিপৰীতে ১.২০ কোটি টকা আত্মসাৎ কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে । চফ্টৱেৰ এপ্লিকেচনৰ নামতো হৈছে বিয়াগোম দুর্নীতি হৈছে । চফ্টৱেৰ বিকাশৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰা হৈছিল । সেইদৰে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এণ্ট্ৰি চেণ্টাৰত আবেদনৰ ডিজিটেলাইজেশ্যনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে । তদুপৰি এন এছ কেৰ পৰা সন্দেহজনক ডাটা সঞ্চালনৰ নামত অনিয়মীয়া ব্যয় হৈছে ৯.০১ কোটি টকা ।

এতিয়া প্ৰশ্ন হয়, এই বৃহৎ কেলেংকাৰীৰে জড়িতসকল তদন্তৰ আওঁতালৈ আহিবনে ? এইসকল কেলেংকাৰীত নিমজ্জিত লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়াও হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.