ETV Bharat / state

ঘৰুৱাভাৱে উদযাপন কৰা অসমৰ এভাগ বিশেষ দুৰ্গা পূজা

author img

By

Published : Oct 12, 2021, 8:10 PM IST

আহোম ৰজা শিৱ সিংহৰ দিনৰ পৰা চলি অহা এখন বিশেষ দুুৰ্গা পূজা । য’ত বৰ্তমানেও ব্যৱহাৰ হয় আহোম ৰজা শিৱ সিংহৰ দিনৰে ৰূপৰ বাচন, তামৰ দবা আদি ৷

Generation after generation Celebrate durga puja at ujanbozar
ঘৰুৱা ভাৱে উৎযাপন কৰা অসমৰ এভাগ বিশেষ দুৰ্গা পূজা

গুৱাহাটী, 12 অক্টোবৰ : প্ৰজন্মৰ পিছত প্ৰজন্ম পৰা চলি অহা এখন বিশেষ পূজা । আহোম ৰজা শিৱ সিংহৰ দিনৰ পৰা চলি আহিছে এই পূজাভাগ । শিৱ সিংহৰ আদেশতে পূজাখন আৰম্ভ হোৱা বুলি বিশ্বাস কৰে পৰিয়ালটোৱে ।

ঘৰুৱা ভাৱে উৎযাপন কৰা অসমৰ এভাগ বিশেষ দুৰ্গা পূজা

এই বিশেষ দুৰ্গা পূজাভাগ হ’ল মহানগৰীৰ উজানবজাৰ প্ৰয়াত লক্ষী প্ৰসাদ বৰুৱাৰ পৰিয়াল বৰ্গৰ ঐতিহ্যপূৰ্ণ দুৰ্গা পূজা । প্ৰতি বছৰৰ দৰে এইবাৰো পূজাভাগ বৈদিক ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে । উল্লেখ্য যে, পূজাভাগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ কোনো তথ্য নাই যদিও পৰিয়ালটোৱে ১৮২৬ চনৰ পৰা হোৱা বুলি ধৰি মানি আহিছে ৷

পৰিয়ালৰ লোকে জনোৱা মতে, আহোম ৰজা শিৱ সিংহৰ দিনৰ পৰা চলি অহা এই পূজাভাগ অতিতৰ পৰাই প্ৰতিবছৰে কৰি আহিছে পৰিয়ালটোৱে ।

জানিব পৰা মতে, শিৱসাগৰত থকাৰ সময়তে পৰিয়ালটো মানৰ আক্ৰমণৰ সময়ত চেদেলি ভেদেলি হৈ পৰিছিল ৷ যাৰ বাবে পৰিয়ালটোৰ একাংশ সদস্যই নলবাৰীত কেইবছৰ মানৰ বাবে থিতাপি লয় । পৰৱৰ্তী সময়ত প্ৰয়াত লক্ষী প্ৰসাদ বৰুৱাৰ পৰিয়ালটোৱে উজানবজাৰত আহি নিগাজিকৈ থিতাপি লয় ।

উল্লেখ্য যে, প্ৰতিবছৰে অনাৰম্বৰভাৱে জাক জমকতা বিহীন কৈ উদযাপন কৰি অহা হৈছে এই পূজাভাগ । অইন বছৰৰ দৰে এইবছৰো দুৰ্গা পূজা উদযাপন কৰিছে পৰিয়ালটোৱে । দুৰ্গা পূজাত ব্যৱহৃত বহু সা সামগ্ৰী বিশেষকৈ ৰূপৰ বাচন, তামৰ দবা আদিও আছে ।

আহোম ৰজা শিৱ সিংহৰ দিনৰ পৰাই দুৰ্গা পূজাৰ সময়ত সেই পুৰণি সামগ্ৰীবোৰ পূজাত এতিয়াও ব্যৱহাৰ কৰা হয় । জানিব পৰা মতে, ঘৰুৱা ভাৱে উৎযাপন কৰা পূজাৰ ভিতৰত অসমৰ ভিতৰত এই পূজাখনেই পুৰণি পূজা ৷

লগতে পঢ়ক : ঐতিহাসিক পৰম্পৰাৰে কামাখ্যাত অনুষ্ঠিত দুৰ্গোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.