127th birth anniversary of Netaji; নেতাজী বঙালী বা অসমীয়াৰ সম্পদ নহয়, দেশৰ সম্পদ বিশ্বৰ সম্পদ : মুখ্যমন্ত্ৰী

author img

By

Published : Jan 23, 2023, 4:22 PM IST

127th birth anniversary of Bose

দেশজুৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক ওপজা দিন উদযাপন (127th birth anniversary of Bose) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পল্টন বজাৰৰ নেতাজী চ’কটো আয়োজন কৰা হয় সুভাষ বসুৰ জন্মদিন ৷ য’ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Netaji Subhash Chandra Bose Birthday Celebration) ।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম ওপজা দিন উদযাপন

গুৱাহাটী, ২৩ জানুৱাৰী : আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক ওপজা দিন (127th birth anniversary of Bose)৷ সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন দল সংগঠনে উদযাপন কৰিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপজা দিনটো । সোমবাৰে মহানগৰীৰ পল্টন বজাৰৰ নেতাজী চ’কটো আয়োজন কৰা হয় বসুৰ জন্মদিন (127th birth anniversary of Netaji Bose)৷

নেতাজী চ’কত সুভাষ বসুৰ জন্মদিন উদযাপন কৰে নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতিয়ে (Netaji Subhash Chandra Bose Birthday Celebration) ৷ সোমবাৰে আয়োজিত এই জন্মদিনৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নেতাজীৰ দেশপ্ৰেম, জাতীয়তাবাদ আৰু ৰাষ্ট্ৰৰ আদৰ্শই আমাৰ অস্তিত্বৰ প্ৰতিটো মুহুৰ্ত ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত উৎসৰ্গিত কৰাত আমাক সৰ্বকালৰ বাবে অনুপ্ৰাণিত কৰি আহিছে’’ ৷

তেওঁ লগতে কয়, ‘‘আজিৰ এই বিশেষ দিনটোত দেশমাতৃৰ মহান সন্তানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । স্বাধীন ভাৰত সৃষ্টিৰ ক্ষেত্ৰত তেখেতৰ অনন্য বৰঙণি আছিল । তেখেতৰ দেশ প্ৰেম ভাৰত আৰু বিশ্বৰ নৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল আদৰ্শ’’ । লগতে মুখ্যমন্ত্ৰী শৰ্মাই ভাষণৰ প্ৰসংগত কয়, ‘‘কংগ্ৰেছ দলে স্বাধীনতা ল’ব বিচৰা সময়ত তৎকালীনভাৱে সিদ্ধান্ত ল’ব পাৰিছিল নেতাজীয়ে । উত্তৰ-পূবৰ লগত নেতাজীৰ এৰাব নোৱাৰা সম্পৰ্ক আছিল । উত্তৰ-পূব ভাৰতৰ আজাদহীন ফৌজ আছিল গৌৰৱোজ্জ্বল’’ ।

লগতে পঢ়ক : NF Railway GM at Lumding : লামডিঙত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মহা প্ৰৱন্ধক আনচুল গুপ্তাৰ

তেওঁ আৰু কয়, ‘‘স্বাধীনতা আন্দোলনৰ সময়ত নেতাজীৰ ভূমিকা আছিল উল্লেখনীয় অৱদান । কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু গোপীনাথ বৰদলৈ সৈতে নেতাজীৰ সু-সম্পৰ্ক আছিল । অসমলৈ আহিলে নেতাজী ভৰলুমুখৰ তৰুণৰাম ফুকনৰ ঘৰত আছিল । নেতাজী বঙালী বা অসমীয়াৰ সম্পদ নহয়, দেশৰ সম্পদ বিশ্বৰ সম্পদ । নিজৰ দেশৰ মাতৃক ভাল পোৱা মানুহ নেতাজীৰ নিচিনা পৃথিৱীতে নাই’’ ।

এই অনুষ্ঠানতে অংশলৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ‘‘নেতাজীক আমি শ্ৰদ্ধা কৰো । ৮০ বছৰ আগতে নেতাজীয়ে বৃটিছৰ বিৰুদ্ধে যুঁজ দিছিল । তেওঁক সকলোৱে সন্মান জনোৱা উচিত । তেওঁৰ জন্মদিনটো চৰকাৰী বন্ধ, সেই বন্ধ সকলোৱে মানিব লাগে বুলি মন্তব্য কৰে’’ । উল্লেখ্য যে, এই অনুষ্ঠানত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, পদ্মশ্ৰী অজয় দত্ত, ডাঃ নীল বৰদলৈ আৰু এচ এম নাৱাজক মুখ্যমন্ত্ৰীৰ হাতেৰে কমিটিৰ ফালৰ পৰা নেতাজী গৰিমা বঁটা প্ৰদান কৰা হয় ।

মন্ত্ৰী পীযুষ হাজৰীকা, অশোক সিংহল, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তিয়েও তেওঁলোকৰ উপস্থিতিৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক : Cancer Medical Camp: জৰায়ুৰ কৰ্কট ৰোগ সন্দৰ্ভত কলিয়াবৰত আয়োজন সজাগতা শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.