ETV Bharat / state

প'ষ্টেল বেলটযোগে যোৰহাটত জ্যেষ্ঠ নাগৰিকৰ ভোটাধিকাৰ সাব্যস্ত

author img

By

Published : Mar 17, 2021, 6:20 PM IST

যোৰহাটৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত যোৰহাট, টীয়ক আৰু দেৰগাঁও বিধানসভা সমষ্টিত প'ষ্টেল বেলটযোগে ভোটদান আৰম্ভ ৷ 36 জনীয়া বিশেষ দল সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত ৷ আশীৰোৰ্ধৰ ব্যক্তি তথা বিশেষভাৱে সক্ষম লোকৰ বাবে বেলটযোগে আগতীয়াকৈ ভোটদানৰ ব্যৱস্থা কৰা হৈছে ৷

voting through postal ballot for assam poll
প'ষ্টেল বেলটযোগে যোৰহাটত জ্যেষ্ঠ নাগৰিকৰ ভোটাধিকাৰ সাব্যস্ত

যোৰহাট,17 মাৰ্চ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে যোৰহাটতো বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাটৰ জেষ্ঠ নাগৰিক সকলে প'ষ্টেল বেলটযোগে ভোটদান কৰে ৷ বুধবাৰে যোৰহাটৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত যোৰহাট, টীয়ক আৰু দেৰগাঁও বিধান সভা সমষ্টিত আশীৰোৰ্ধৰ 546 জন ভোটাৰে নিজৰ ভোটধিকাৰ সাব্যস্ত কৰে ৷

এইবাৰৰ নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্ত মানি চলি অসমৰ ভিন্ন প্ৰান্তত প'ষ্টেল বেলটযোগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ উল্লেখ্য যে, আশীৰোৰ্ধৰ ব্যক্তি তথা বিশেষভাৱে সক্ষম লোকে বেলটযোগে আগতীয়াকৈ ভোটদান কৰিব পাৰিব ৷ তাৰ পৰিপ্ৰেক্ষিততে বুধবাৰে যোৰহাট নিৰ্বাচনী জিলা খনৰ অন্তৰ্ভূক্ত যোৰহাট, টীয়ক আৰু দেৰগাঁও বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

যোৰহাটত জ্যেষ্ঠ নাগৰিকৰ ভোটাধিকাৰ সাব্যস্ত

প্ৰাপ্ত তথ্য অনুসৰি, 36 জনীয়া বিশেষ দল এই সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে ৷ 15 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া 21 মাৰ্চৰ ভিতৰত সম্পন্ন হ'ব ৷ মুঠ 2491 ভোটাৰে জিলাখনত প'ষ্টেল বেলটযোগে ভোটদান কৰাৰ সম্ভাৱনা আছে ৷ জিলাখনত চলি থকা এই ভোটগ্ৰহণৰ সমগ্ৰ প্ৰক্ৰিয়া অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে তদাৰক কৰি আছে ৷

উল্লেখ্য যে, 27 মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰথম প্ৰযায়ৰ ভোটাধিকাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী বিষয়া তথা অন্য সংশ্লিষ্ট বিভাগৰ বিষয়া সকল ব্যস্ত হৈ পৰিছে ৷ জানিব পৰা মতে ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হৈছে ৷

লগতে পঢ়ক: শিৱসাগৰত প'ষ্টেল বেলটযোগে ভোট সংগ্ৰহ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.