HSLC Paper leak case: ৰাজ্যজুৰি প্ৰতিবাদৰ জুই, ছেবা আৰু চৰকাৰক ধিক্কাৰ

author img

By

Published : Mar 18, 2023, 10:50 PM IST

Student protest against SEBA and Government

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পিচতে ৰাজ্যজুৰি জ্বলিছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ প্ৰতিকৃতি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Student protest on HSLC Paper leak ) ৷

ৰাজ্যজুৰি প্ৰতিবাদৰ জুই

যোৰহাট, 18 মাৰ্চ: ৰাজ্যজুৰি ছেবাৰ বিৰুদ্ধে ক্ষোভৰ দাবানল ৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱা কাণ্ডক লৈ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে (HSLC Paper leak case) ৷ লাখ লাখ পৰীক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলি ৰাজ্য চৰকাৰ তথা ছেবাই সূচাৰুৰূপে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰীক্ষাৰ্থীয়ে পঢ়া টেবুল এৰি ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে (Student protest on HSLC Paper leak ) । শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ছেবাৰ কাৰ্যালয়ৰ সন্মুখত ছেবা লেই লেই ছেই , শিক্ষা বিভাগ হায় হায়, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আজি গুৱাহাটী, মৰিয়নি, নলবাৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত দল সংগঠনকে ধৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলেও ৰাজপথলৈ ওলাই আহি চৰকাৰৰ এই অকৰ্মণ্যতাক ধিক্কাৰ দিছে ৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত CBI তদন্ত কৰাৰ লগতে শিক্ষামন্ত্ৰীক পদত্যাগ কৰাৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰিবলৈ দাবী জনায় প্ৰতিবদাকাৰীসকলে ।

উল্লেখ্য যে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পিচতে বৃহস্পতিবাৰে আটকাধীন অভিযুক্তৰ ভাষ্যৰ ভিত্তিত অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছিল ৷ লগে লগে অহা 18 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পৰৱৰ্তী সময়ত শনিবাৰে অসমীয়া বিষয়ৰ পৰীক্ষা 1 এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছিল ৷ পৰীক্ষা বাতিল হোৱাৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰিছে শিক্ষাৰ্থী সমাজ।

ইফালে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাৰ পিচতেই CID ৰ জিন্মালৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: HSLC Fake question paper leak : Protest of HSLC Sivasagar ৰ জৰিয়তে ভাইৰেল হৈছিল ভূগোলৰ প্ৰশ্নকাকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.