Protest Against School Amalgamation : শ্বহীদক অপমান কৰি বিদ্যালয় বন্ধ কৰিবলৈ নিদিয়াৰ হুংকাৰ

author img

By

Published : Dec 3, 2022, 4:09 PM IST

Updated : Dec 3, 2022, 4:54 PM IST

Protest Against School Amalgamation

স্বহীদ মদন গগৈৰ নামত প্ৰতিষ্ঠিত এখন বিদ্যালয় বন্ধ কৰি বেলেগ বিদ্যালয়ৰ লগত চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ এই সিদ্ধান্তত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থা ৷ কোনো কাৰণতে বিদ্যালয়খন বন্ধ কৰিবলৈ নিদিয়াৰ হুংকাৰ দি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে শনিবাৰে (AASU protest in Jorhat)৷

টীয়ক, 3 ডিচেম্বৰ : শ্বহীদৰ নামত প্ৰতিষ্ঠিত এখন বিদ্যালয় বন্ধ কৰি দিয়াৰ দৰে চৰকাৰী সিদ্ধান্তক লৈ সোচ্ছাৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । আছুৰ লগতে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় লোক ৷ 1986 চনতে যোৰহাটবাসী ৰাইজৰ প্ৰেচেষ্টাত গঢ় লৈ উঠা বিদ্যালয়খন কোনো কাৰণতে বন্ধ হ’বলৈ নিদিয়াৰ হুংকাৰ দিছে বিদ্যালয়খন প্ৰতিষ্ঠাৰ লগত জড়িত ৰাইজে ৷ সেয়ে শনিবাৰে আছুৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে ৷

যোৰহাট জিলাৰ মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনস্থ শ্বহীদ মদন গগৈ প্ৰাথমিক বিদ্যালয়(Swahid Madan Gogoi LP school) বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে । এটা বৃহৎ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অন্যতম শিক্ষা প্ৰতিষ্ঠানখন চৰকাৰে বন্ধ কৰিলে ‘বুকুত গুলী পাতি ল’বলৈও সাজু’ বুলি মন্তব্য কৰিলে বিদ্যালয়খন স্থাপনৰ লগত জড়িত লোকসকলে ৷

উল্লেখ্য যে, বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়াৰে যোৰহাটৰ উক্ত বিদ্যালয়খন ডাঙৰীয়াটোল প্ৰাথমিক বিদ্যালয়ৰ লগত চামিলকৰণ কৰিলে (School amalgamation in Jorhat)। এই বিষয়টোত খৰ্গহস্ত হৈ ৰাইজে বহুবাৰ শিক্ষা বিভাগৰ কাষ চাপে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ পৰিণতিত বৃহস্পতিবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিদ্যালয়খন বন্ধ নকৰিবলৈ দাবী উত্থাপন কৰে ।

মন কৰিবলগীয়া যে, শ্বহীদ মদন গগৈৰ নামত প্ৰতিস্থিত বিদ্যালয়খন ডাঙৰীয়াটোল প্ৰাথমিক বিদ্যালয়ৰ লগত চামিল কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে যদিও উক্ত প্ৰাথমিক বিদ্যালয়খনৰ মাটি ইতিমধ্যে যোৰহাট-মাজুলী দলঙৰ বাবে অধিগ্ৰহণ কৰা হৈছে ৷ গতিকে শ্বহীদ মদন গগৈ প্ৰাথমিক বিদ্যালয়খন ডাঙৰীয়াটোল প্ৰাথমিক বিদ্যালয়ৰ লগতে চামিল কৰিলেও ভৱিষ্যতে দুয়োখন বিদ্যালয় যে অস্তিত্বকৰ সংকটত পৰিব সেই কথা স্পষ্ট হৈ পৰিছে ৷

শ্বহীদক অপমান কৰি বিদ্যালয় বন্ধ কৰিবলৈ নিদিয়াৰ হুংকাৰ

শনিবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিতু নেওগ, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ, বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিৰ লগতে কাকজান আঞ্চলিক সমিতিৰ বহুসংখ্যক বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷ বিদ্যালয়খন বাহাল ৰখাৰ সবাবে চৰকাৰক অনতি পলমে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে (Jorhat AASU protest against school amalgamation)।

লগতে পঢ়ক : CBI Summons KCRs daughter: দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত কেচিআৰৰ জীয়াৰীক চমন চিবিআইৰ

Last Updated :Dec 3, 2022, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.