বানে ধোৱা বৰমথাউৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

author img

By

Published : Sep 13, 2021, 12:54 PM IST

poor condition of barmathauri lp school

বৰমথাউৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুৰৱস্থা ৷ লুইতৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰিলে বিদ্যালয়খন ৷ বিদ্যালয়খনৰ আচবাব, প্ৰয়োজনীয় নথি-পত্ৰ সকলো নষ্ট কৰে ভদীয়া বানে(Flood) ৷

টীয়ক, 13 ছেপ্তেম্বৰ : ভদীয়া বানে(Flood) টীয়কৰ জাঁজীমুখৰ বৰমথাউৰী অঞ্চলত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰি ব্যাপক ক্ষতিসাধন কৰিছে ৷ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি একাংশ ৰাজহুৱা স্থান আৰু বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ পলসে পুতি পেলোৱা পৰিলক্ষিত হৈছে ৷ বানৰ ফলত অঞ্চলটোৰ এখন নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷

বিধ্বস্ত বৰমথাউৰী চৰকাৰী নিম্ন বুনিয়াদি বিদ্যালয়

বৰমথাউৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খনৰ ভিতৰচোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত অহা পলসে পুতি পেলোৱাৰ লগতে বিদ্যালয়ৰ আচবাবসমূহ বিনষ্ট হৈ পৰে ৷ ইয়াৰোপৰি বিদ্যালয়ৰ প্ৰয়োজনীয় নথি-পত্ৰসমূহো বিধ্বস্ত কৰি পেলাইছে এই বানে ৷ বৰ্তমান যেন শিক্ষাদানৰ কোনো পৰিৱেশ নাই এই বিদ্যালয়খনত ৷

ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে হাজিৰা লগাই বিদ্যালয়খন পৰিষ্কাৰ কৰাৰ লগতে ডেস্ক-বেঞ্চবোৰ ৰ’দত দিয়াৰ ব্যৱস্থা কৰিছে যদিও পলস আঁতৰাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷

poor condition of barmathauri lp school
বিধ্বস্ত বৰমথাউৰী চৰকাৰী নিম্ন বুনিয়াদি বিদ্যালয়

আনহাতে লুইতৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছে টীয়কৰ জাঁজীমুখৰ বৰমথাউৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ(Barmathauri Health and Welfare Centre) ৷ বানৰ পলসে পুতি পেলাইছে টীয়কৰ অন্যতম বানে গৰকা জাঁজীমুখ বৰমথাউৰী অঞ্চলৰ একমাত্ৰ চিকিৎসাৰ সম্বল এই উপ স্বাস্থ্য কেন্দ্ৰটো । বানৰ ফলত বৰমথাউৰীৰ বাট-পথৰ অৱস্থাও অচল হৈ পৰিছে ৷

লগতে পঢ়ক: বানত বিধ্বস্ত জাঁজীমুখৰ বৰমথাউৰি উপ স্বাস্থ্যকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.