ETV Bharat / state

AAU: অসম কৃষি বিশ্ববিদ্যালয়ত চাহ কৃষিকৰ্মৰ উত্তৰণ আৰু গৱেষণাৰ দিশত বিশেষ পৰ্যালোচনা

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:25 PM IST

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়া । অসমৰ চাহ কৃষিকৰ্মৰ উত্তৰণ আৰু গৱেষণাৰ দিশত বিশেষ পৰ্যালোচনা ৷

Jrt Agricultural university
বিশেষ পৰ্যালোচনা

যোৰহাট, 1 ছেপ্টেম্বৰ : ‘চাহ উদ্যোগৰ লগত পৰিৱেশ পৰ্যটন জড়িত কৰি সময়ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ চাহৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব লাগিব । চাহ উদ্যোগত উদ্ভাৱনী ধাৰণাৰে নৱপ্ৰজন্মক জড়িত কৰি পাচলৈ যাব খোজা উদ্যোগটোক আগবঢ়াই নিব পাৰি নেকি চিন্তা চৰ্চা কৰিব লাগিব’ -যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত 'চাহ উদ্যোগৰ সম্ভাৱনীয়তা' ৰ ওপৰত অনুষ্ঠিত বিশেষ আলোচনাত এই মত ব্যক্ত কৰে অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই ।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এই অনুষ্ঠানত চাহ বিশেষজ্ঞসকলৰ সৈতে বিশেষভাৱে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ চাহৰ বিভিন্ন দিশৰ ওপৰত বিশেষভাৱে পৰ্যালোচনা কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বক্তব্য ৰাখি উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ড৹ এছ লক্ষ্মণনে চাহ বাগিচাত বিকল্প আৰু সমন্বিতভাৱে কৃষিৰ জৰিয়তে কেনেকৈ চাহ উদ্যোগক আগবঢ়াই নি সামগ্ৰিক উন্নয়ন কৰিব পাৰি এই দিশত আলোকপাত কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত উপাচাৰ্য ড৹ ডেকাই চাহ উদ্যোগৰ শিক্ষা সম্প্ৰসাৰণ আৰু গৱেষণাৰ দিশত অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত আলোকপাত কৰে । এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানগুৰুসকল, সঞ্চালকসকল, সহযোগী সঞ্চালকসকলৰ লগতে চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ গৱেষক বিজ্ঞানীসকলে অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্মৰ আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰীক্ষণমূলক চাহ বাগিচা আৰু চাহ ফেক্টৰী পৰিদৰ্শন কৰে ।

আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ত ২০২৩-২৪ ৰ শিক্ষাবৰ্ষত নামভৰ্তি কৰা নৱাগত শিক্ষাৰ্থীসকলক আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই সম্বোধন কৰে । বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত উপাচাৰ্যই কয় যে বৃত্তিগত স্নাতক সকলৰ বহু ক্ষেত্ৰত বৃত্তিগতভাৱে অধিক সুবিধা হয় । কাৰণ সাধাৰণ স্নাতক ডিগ্ৰীৰ উপৰিও বৃত্তিগত দিশতো জড়িত হয় বাবে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰতো অধিক সফল হ'ব পাৰে । সেয়ে সময়ৰ লগত খাপ খোৱাকৈ বৃত্তিগত আৰু উদ্যোগিক মানসিকতাৰে শিক্ষাৰ্থী জীৱনৰ পৰাই আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Assam Agricultural University:ফিলিপাইনছলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.