ETV Bharat / state

SI arrested for taking bribe: 20 হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল উপ পৰিদৰ্শক প্ৰণৱ নাথ

author img

By

Published : Jul 30, 2023, 4:15 PM IST

পুনৰ আৰক্ষীৰ পোছাকত কালিমা সানিলে এগৰাকী আৰক্ষী বিষয়াই ৷ 20 হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰক শাখাৰ জালত পৰিল যোৰহাট আৰক্ষী নগৰ উপ পৰিদৰ্শক প্ৰণৱ নাথ ৷

Jorhat police SI Pranab Nath arrested  for taking bribe
20 হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল উপ পৰিদৰ্শক প্ৰণৱ নাথ

যোৰহাট, 30 জুলাই : দৰমহাৰ টকাৰেও ঘৰ নচলে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুনীৰ্তি ৰোধ কৰা ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশনা দিয়াৰ লগতে কোনো লোকৰ পৰা উৎকোচ নল’বলৈ বাৰে বাৰে সকীয়নি প্ৰদান কৰাৰ পিচতো গা ল‘ৰা নাই একাংশ আৰক্ষী বিষয়াৰ ৷

দেওবাৰ 30 জুলাইত যোৰহাট সদৰ থানা নগৰ উপ পৰিদৰ্শক প্ৰণৱ নাথে এক গোচৰৰ সংক্ৰান্তত এজন ব্যক্তিৰ পৰা নগদ 20 হাজাৰ টকা লোৱা সময়ত হাতেলোটে আটক কৰে দুৰ্নীতি নিৰ্বাৰক শাখাই ৷ ইতিমধ্যে দুৰ্নীতিগ্ৰস্থ প্ৰণৱ নাথক যোৰহাট সদৰ থানাত দুনীৰ্তি নিৰ্বাৰক শাখাৰ শীৰ্ষ উচ্চ পদস্থ বিষয়াসকলে জেৰা চলাইছে ৷ আনহাতে আৰক্ষী বিষয়া প্ৰণৱ নাথে গোচৰ বাবদ পূৰ্বতেও ধন লোৱা গুৰতৰ অভিযোগ উত্থআপিত হৈ আহিছে ৷ এতিয়া এজন বিষয়াই উৎকোচ লোৱা পিচত সৰ্বত্ৰে ধিক্কাৰৰ পাত্ৰ হৈছে যোৰহাট আৰক্ষী ৷

উল্লেখ কৰা প্ৰয়োজন সৰু সৰু কথাতেই সাংবাদিকক থানালৈ মাতি আনি হাৰশাস্তি কৰা আৰু বিভিন্ন ধাৰাত গোচ ৰজু কৰা যোৰহাট আৰক্ষী ভিতৰত থকা এইসকল দুনীৰ্তিগ্ৰস্ত আৰক্ষীৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপিত হোৱাৰ পিচতো উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷

স্মৰ্তব্য যে ৰাজ্যজুৰি দুৰ্নীতি নিৰ্বাৰক শাখাই সক্ৰিয়ভাৱে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া কৰ্মচাৰীক উৎকোচ লোৱাৰ গোচৰৰ ভিত্তিত হাতেলোটে ধৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Assam Police encounter: আৰক্ষীৰ এনকাউণ্টাৰত আহত সন্দেহযুক্ত আলফা(স্বাঃ)ৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.