ETV Bharat / state

নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন

author img

By

Published : May 1, 2019, 3:03 PM IST

বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত আছে ধাৰাষাৰ বৰষুণ ৷ সাগৰীয় ধুমুহা ফেনীৰ প্ৰভাৱত সৃষ্টি হোৱা নিম্মচাপৰ ফলতেই বৰষুণে স্তব্ধ কৰিছে সাধাৰণ জীৱন ৷

নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন

নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন

যোৰহাট, 1 মেঃ ওড়িশ্যা, অন্ধ্ৰ প্ৰদেশৰ লগতে বংগোপসাগৰ উপকূলীয় অঞ্চলসমূহত বিশেষ প্ৰভাৱ পৰিছে সাগৰীয় ধুমুহা ফেনীৰ ৷ ফেনীৰ ফলত সৃষ্টি হোৱা নিম্মচাপে অসমতো প্ৰভাৱ পেলাইছে ৷

আৰু পঢ়কঃবোকাৰ মাজত শ্ৰেণীকোঠা , পিতনিৰ মাজত বিদ্যালয়

ৰাজ্যত বিগত পাঁচদিন ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ সাগৰীয় ধুমুহা ফেনীৰ ফলত সৃষ্টি হোৱা নিম্মচাপৰ বাবেই ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ বিগত পাঁচদিন ধৰি হোৱা বৰষুণে প্ৰভাৱ পেলাইছে যোৰহাটৰ সাধাৰণ জীৱনত ৷ ওৰে নিশা ধৰি হোৱা বৰষুণৰ প্ৰভাৱ ৰাতিপুৱালৈ কিছু কমিছিল যদিও বৰ্তমানে পুনৰ অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ মে দিৱসৰ লগতে নেৰানেপেৰা বৰষুণে এতিয়া সম্পূৰ্ণ স্তব্ধ কৰি তুলিছে চহৰখনৰ জন-জীৱন ৷

নেৰা নেপেৰা বৰষুণৰ ফলত প্ৰভাৱিত জন-জীৱন।।


ফেণীৰ প্ৰভাৱত সৃষ্টি হোৱা নিম্মচাপৰ ফলত বিগত ৫ দিন ধৰি হোৱা বৰষুণৰ ফলত ব্যাঘাত জন্মীছে যোৰহাটৰ সাধাৰণ জন-জীৱন।আজিও অব্যাহত আছে নেৰা নেপেৰাৰ বৰষুণৰ।উৰে নিশা বৰষুণজাক শেষত পূৱাৰ ভাগত বতৰ মুকলি কৰিছিল যদিও পুনৰ বৰষুণ অহাৰ ফলত সম্পূৰ্ণ ৰূপে স্হবীৰ হৈ পৰিছে।ইফালে মে দিৱসৰ বাবে চৰকাৰী কায্যলয় সমুহৰ লগতে বিদ্যালয়, মহাবিদ্যালয় বন্ধ।যাৰফলত চহৰত জন সমাগম কম।আনফালে নেৰা নেপেৰা বৰষুণজাকে চহৰখন প্ৰায় জন শূণ্য কৰি তুলিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.