ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত আসোঁৱাহ; দুমাহত দেৰগাঁৱত নিহত ২২ জন

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 9:40 PM IST

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত আসোঁৱাহ; ২ মাহত দেৰগাঁৱত নিহত ২২ জন
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত আসোঁৱাহ; ২ মাহত দেৰগাঁৱত নিহত ২২ জন

Balijan Road Accident : ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত থকা আসোঁৱাহৰ বাবেই বিগত নৱেম্বৰ মাহৰ পৰা এই পৰ্যন্ত দেৰগাঁও অঞ্চলত ২২ জনকৈ লোকে মৃত্যুক সাৱটিলে বুলি অভিযোগ উঠিছে । ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও কৰি ঘাইপথ প্ৰাধিকৰণক জবাবদিহি কৰিলে যুৱ ছাত্ৰ পৰিষদে ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত আসোঁৱাহ

যোৰহাট, ৪ জানুৱাৰী : উজনি অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰা দেৰগাঁৱৰ পৰা জাঁজীলৈকে পথছোৱা মৃত্যুদূতলৈ পৰিণত হৈছে । কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানক উক্ত কামৰ দায়িত্ব প্ৰদান কৰিছে, সেই প্ৰতিষ্ঠানৰ লগত গোপন সম্পৰ্ক আৰু মিতিৰালিৰ অভিযোগ থকাৰ বাবেই চাৰিলেনযুক্ত ঘাইপথৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ উঠিছে ।

লগতে নিৰ্ধাৰণ কৰা সময় উকলি বছৰ বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিকোপতি ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি বিভিন্ন দল-সংগঠনৰ অভিযোগ । আনহাতে, বুধবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত ১২ জনকৈ লোকৰ মৃত্যুৰ বাবে সকলোৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দোষাৰোপ কৰিছে । কাৰণ যি স্থানত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই স্থানত কোনো ধৰণৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হোৱা নাছিল ।

সেয়ে ৰাষ্ট্ৰীয় ঘাইপথক একপ্ৰকাৰ মৃত্যু উপত্যকালৈ পৰিণত কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চিৰতীয়া গাঁৱত অৱস্থিত কাৰ্যালয়ত যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয় ঘেৰাও কৰে । আনহাতে, এনএইচআইচিএলৰ এগৰাকী বিষয়াই জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণ বিচাৰিবলৈ আৰু কাৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে তাৰ তদন্তৰ বাবে এটা দল ঘটনাস্থলীত উপস্থিত হ'ব । লগতে দোষ প্ৰমাণিত হ'লে শাস্তি লাভ কৰিব বুলি ঘাইপথ প্ৰাধিকৰণৰ বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আহ্বান জনাইছে যোৰহাট জিলা আছুৱে । তাপৰ্যপূৰ্ণ যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালকৈ দেৰগাঁও অঞ্চলত সৰ্বমুঠ ২২ জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগা হৈছে । এতিয়া আৰু কিমানজনৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হ'ব বুলি সকলোৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে এবাৰ ৰাজপথেৰে ডিব্ৰুগড়লৈকে ভ্ৰমণ কৰক: ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.