ETV Bharat / state

পোষ্টেল বেলটৰ জৰিয়তে ভোট দান কৰিব পাৰিব ৮০ বছৰৰ উৰ্ধ্বৰ ভোটাৰে

author img

By

Published : Mar 2, 2021, 8:31 PM IST

পোষ্টেল বেলটৰ জৰিয়তে ভোট দান কৰিব পাৰিব হোজাই জিলাৰ ৮০ বছৰৰ উৰ্ধ্বৰ লোকসকল আৰু বিশেষভাৱে সক্ষম ভোটাৰে । মঙলবাৰে হোজাই জিলা নিৰ্বাচনী বিষয়া সদনেক সিঙেই এক সংবাদমেল সম্বোধন কৰে । ৮০ বছৰৰ উৰ্ধ্বৰ লোকসকলৰ লগতে বিশেষভাৱে সক্ষম লোকসকলে সকলে নিজ নিজ অঞ্চলৰ বিএলঅ'ৰ সৈতে যোগাযোগ কৰি পোষ্টেল বেলটৰৰ সুবিধা লাভ কৰিব পাৰিব বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিব দিয়ে ।

পোষ্টেল বেলটৰ জৰিয়তে ভোট দান কৰিব পাৰিব ৮০ বছৰৰ উৰ্ধ্বৰ ভোটাৰে
পোষ্টেল বেলটৰ জৰিয়তে ভোট দান কৰিব পাৰিব ৮০ বছৰৰ উৰ্ধ্বৰ ভোটাৰে

হোজাই,2 ফেব্ৰুৱাৰী: অসমত নিৰ্বাচনৰ দিন ধাৰ্য হোৱাৰ লগে লগে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে বয়োজ্যেষ্ঠ, ক'ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ্থে পোষ্টেল বেলটৰ সুবিধা প্ৰৱৰ্তন কৰিছে। মঙলবাৰে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত সদনেক সিঙে পোষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে । ৮০ বছৰৰ উৰ্ধ্বৰ লোকসকল আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এই বিশেষ বেলটৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জনায় ।

জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত ৮০ৰ উৰ্দ্ধৰ ভোটাৰ হৈছে ১১হাজাৰ ৩৮৭জন ৷ ইয়াৰ ভিতৰত ৯০ নং যমুনামুখ সমষ্টিত ২ হাজাৰ ৭৮০ জন ,৯১ নং হোজাই সমষ্টিত ৫ হাজাৰ ১৯১ জন আৰু ৯২ নং লামডিং বিধানসভা সমষ্টিত ৩ হাজাৰ ৫১৬ গৰাকী ভোটাৰ আছে । একেদৰে হোজাই জিলাত বিশেষভাৱে সক্ষম ভোটাৰ হৈছে ২ হাজাৰ ৫৭৬জন । ইয়াৰ ভিতৰত যমুনামুখ সমষ্টিত ৯৯৪ জন ,হোজাই সমষ্টিত ১০৪৭ জন আৰু লামডিং সমষ্টিত ৫৩৫ জন ৷

উল্লেখ্য যে, নিজ নিজ অঞ্চলৰ বিএলঅ'সকলৰ সৈতে যোগাযোগ কৰি ১২ ডি ফৰ্মৰ জৰিয়তে পোষ্টেল বেলটৰ বাবে আবেদন কৰাৰ পিছতে এই আবেদন পত্ৰসমূহ নিৰ্বাচনী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ভোটাৰৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া হোজাই জিলাৰ তিনিওটা বিধানসভা সমষ্টিত ৫ মাৰ্চৰ পৰা নিৰ্বাচনী অধিসূচনা বলবৎ হ'ব বুলিও প্ৰকাশ কৰে নিৰ্বাচনী বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক: ভোটাৰক প'ষ্টেল বেলটৰ সুবিধা উপলব্ধ কৰাবলৈ সাজু শিৱসাগৰ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.