Covid 19 cases increase in Hojai : কৰ’ণাৰ বাবে 11 জানুৱাৰীলৈ লামডিঙত বন্ধ 6 বিদ্যালয়

author img

By

Published : Jan 6, 2022, 11:39 AM IST

due-to-increases-of-covid-cases-a-school-in-lumding-declared-closed-for-7-days

কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ (Covid 19 cases increase in Hojai) পৰিপ্ৰেক্ষিতত লামডিঙত ৭ দিনৰ বাবে বিদ্যালয় বন্ধ (Six schools to remain closed in Lumding due to Covid 19) ঘোষণা । ইফালে ক'ভিড-19 ৰ সংক্ৰমণৰ বাবে জিলা প্ৰশাসনে তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে (JNV Titabar declared as a containment zone)

হোজাই/তিতাবৰ, 6 জানুৱাৰী : ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক'ভিড-19 ৰ সংক্ৰমণৰ সংখ্যা ৷ সমান্তৰালভাৱে হোজাইৰ লামডিঙত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক'ভিড-19 ৰ সংক্ৰমণ (Covid 19 cases increase in Hojai) । এই সংক্ৰমণ ৰোধৰ উপায় হিচাপে জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে 6 খনকৈ বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই (Six schools to remain closed in Lumding due to Covid 19) ৷

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ 19 তাৰিখৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহ খুলিবলৈ নিৰ্দেশ দিছিল ৷ সেই অনুসৰি, লামডিঙৰ সকলো বিদ্যালয়তে আৰম্ভ কৰা হৈছিল পাঠদান ।

বুধবাৰে হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে লামডিং ৰে’ল ষ্টেচনকে ধৰি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি 5 জানুৱাৰীৰ পৰা ৰে'ল ষ্টেচনত প্ৰতিগৰাকী যাত্ৰীৰ ক'ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷

লামডিঙত কৰ’ণাৰ সংক্ৰমণ

জানিব পৰা মতে, প্ৰশিক্ষণ গ্ৰহণৰ বাবে বহিঃৰাজ্যৰ পৰা অহা ৰে’ল আৰক্ষী বেটালিয়নৰ একাংশ জোৱানৰ অসাৱধানতাৰ ফলত জিলাখনত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলতে এই সিদ্ধান্ত লৈছে জিলা কৰ্তৃপক্ষই ৷ ইতিমধ্যে বিগত তিনিদিনত লামডিঙত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 58 গৰাকীলৈ বৃদ্ধি পাইছে ৷

কেৱল আৰ পি এছ এফ বেটালিয়নৰ জোৱানেই নহয়, কেইবাজনো ৰে'ল কৰ্মচাৰীৰ দেহতো ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ এইক্ষেত্ৰত হোজাই জিলা কৰ্তৃপক্ষ সজাগ হৈ ক'ভিড-19 ৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৷

জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে লামডিঙৰ 6 খন শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে । সেই অনুসৰি 11 জানুৱাৰী পর্যন্ত বন্ধ থাকিব লামডিঙৰ কেন্দ্ৰীয় বিদ্যালয়, বীণাপাণি এল পি স্কুল, প্ৰণৱানন্দ বিদ্যামন্দিৰ, ৰে'লৱে হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু দক্ষিণ লামডিং হাইস্কুল ৷

ইফালে, বিগত বৰ্ষৰ 29 ডিচেম্বৰত তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত 16 গৰাকী শিক্ষাৰ্থী আৰু 3 গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ অৱস্থিতি (19 members from JNV Titabar tested covid 19 positive) । যাৰ ফলত জিলা প্ৰশাসনে তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে (JNV Titabar declared as a containment zone) ৷

six-schools-to-remain-closed-in-lumding-due-to-increases-of-corona-cases
তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা

লগতে পঢ়ক : বৃহস্পতিবাৰে ঘোষণা হ’ব ক’ভিডৰ নতুন এছ অ’ পি : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.