ETV Bharat / state

Hojai District: হোজাই জিলাৰ আনুষ্ঠানিক শুভ উদ্বোধন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 6:04 PM IST

Minister Parimal Suklabaidya Inaurates Hojai
মন্ত্ৰী পৰিমল শুক্লবৈদ্য

দেওবাৰে হোজাইৰ শংকৰদেৱ নগৰত আনুষ্ঠানিকভৱে শুভ উদ্বোধন কৰা হয় হোজাই জিলা ৷ জিলাখনৰ তিনি বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ আৰু ছিৰাজুদ্দিন আজমলসহ দল-সংগঠন তথা বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হোজাই জিলাৰ পূৰ্বৰ অতিৰিক্ত আয়ুক্ত লাচিত কুমাৰ দাসক হোজাই জিলাৰ আয়ুক্ত হিচাপে আজি নিয়ুক্তি দিয়াৰ লগতে আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয় ৷

শংকৰদেৱ নগৰত আনুষ্ঠানিকভৱে শুভ উদ্বোধন হোজাই জিলা

হোজাই, 17 ছেপ্টেম্বৰ: বিগত ৩১ ডিচেম্বৰত বিলুপ্তি ঘটোৱা হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলাক নতুন ভৌগোলিক পৰিসীমাৰে নতুনকৈ গঠন কৰা হয় ৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বর্তমানৰ চৰকাৰখনৰ ১০০ সংখ্যক কেবিনেট বৈঠকে এই চাৰিখন জিলা পুনৰ গঠনৰ সিদ্ধান্ত গ্রহণ কৰে ৷ উল্লেখযোগ্য যে বিগত বছৰত বিলুপ্তি ঘটোৱা এই জিলা চাৰিখন পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নির্ধাৰিত সময়ত, শুদ্ধ সময়ত পুনৰ গঠন কৰিব বুলি কৈছিল ৷

সেই অনুসৰি যোৱা মাহত কেবিনেটে জিলা চাৰিখন নতুন ভৌগোলিক সীমাৰে গঠনৰ সিদ্ধান্ত লয় ৷ ৰাজ্যখনত সমষ্টি পুনৰ নির্ধাৰণ হৈ যোৱাৰ পিছত এতিয়া বিন্নাকান্দি, লামডিং আৰু হোজাই বিধানসভা সমষ্টিক লৈ হোজাই জিলাখন গঠন কৰা হৈছে ৷ জিলাখনৰ সদৰ হ’ব শংকৰদেৱ নগৰ ৷

সেই অনুসৰি দেওবাৰে হোজাইৰ শংকৰদেৱ নগৰত আনুষ্ঠানিকভৱে শুভ উদ্বোধন কৰা হয় হোজাই জিলা ৷ ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ শুভ উদ্বোধন কৰে জিলাখন ৷ হোজাইক পুনৰ আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

শংকৰদেৱ নগৰত অৱস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত হোজাই জিলাৰ তিনি বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ আৰু ছিৰাজুদ্দিন আজমলসহ দল-সংগঠন তথা বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হোজাই জিলাৰ পূৰ্বৰ অতিৰিক্ত আয়ুক্ত লাচিত কুমাৰ দাসক হোজাই জিলাৰ আয়ুক্ত হিচাপে আজি নিয়ুক্তি দিয়াৰ লগতে আনুষ্ঠানিকভাৱে দিয়িত্ব অৰ্পণ কৰা হয় ৷ লগতে হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত সকলোৰে লগত আলোচনাত মিলিত হৈ জিলাখনৰ উন্নয়নৰ বাবে ল’বলগীয়া পদক্ষেপৰ ওপৰতো মত বিনিময় কৰা হয় ৷

উল্লেখযোগ্য যে, দেওবাৰে নৱ ঘোষিত বিশ্বনাথ জিলাৰো শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত দেওবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলাৰ শুভ উদ্বোধন কৰে ৷

লগতে পঢ়ক : Biswanath district inaugurate: নৱ ঘোষিত বিশ্বনাথ জিলাৰ আনুষ্ঠানিক শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.