হোজাইত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান

author img

By

Published : Sep 7, 2021, 6:36 PM IST

Matru vandana week observed at Hojai

মঙলবাৰে অন্ত পৰিল মাত্ৰু বন্দনা সপ্তাহ-২০২১ । হোজাইৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । বিভিন্ন দিশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই অনুষ্ঠানতে শ্ৰেষ্ঠ সংহত শিশু উন্নয়ন প্ৰকল্প, তত্বাৱধায়ক, অংগনৱাড়ী কৰ্মী, অংগনৱাড়ী সহায়িকা আৰু ডাটা এন্ট্ৰি অপাৰেটৰক শ্রেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হয় ।

হোজাই, ৭ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ১ ছেপ্টেম্বৰৰ পৰা মাত্ৰু বন্দনা সপ্তাহ-২০২১ উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মঙলবাৰে মাত্ৰু বন্দনা সপ্তাহৰ অন্ত পৰে । ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ হোজাইতো মাত্ৰু বন্দনা সপ্তাহ-২০২১ৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । হোজাইৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Matru vandana week observed at Hojai
হোজাইত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান

এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপায়ুক্ত অনুপম চৌধুৰীয়ে সমাজ কল্যাণ বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীক উদ্দেশ্যেি কয় যে, সততা, নিষ্ঠা আৰু যোগাত্মক মানসিকতাৰে ৰাইজৰ হকে সকলোৱে কাম কৰি যাব লাগিব, যাতে তেওঁলোকৰ কৰ্মৰ বাবে ৰাইজে তেওঁলোকক সদায় মনত ৰাখে । সেয়াই তেওঁলোকৰ কৰ্মজীৱনৰ আশীৰ্বাদ আৰু চৰম প্ৰাপ্তি হ'ব বুলি উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে । তদুপৰি জিলাখনত এই আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ'ব বুলি উপায়ুক্তগৰাকীয়ে আশ্বাস দিয়ে ।

Matru vandana week observed at Hojai
হোজাইত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান

আচঁনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন দিশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ সংহত শিশু উন্নয়ন প্ৰকল্প, তত্বাৱধায়ক, অংগনৱাড়ী কৰ্মী, অংগনৱাড়ী সহায়িকা আৰু ডাটা এন্ট্ৰি অপাৰেটৰক এই অনুষ্ঠানতে শ্রেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত হোজাই জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দেৱাশিষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ এচ চি দাস প্ৰমুখ্যে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ সংশ্লিষ্ট বিষয়া, কর্মচাৰীসকল উপস্থিত থাকে ।

Matru vandana week observed at Hojai
হোজাইত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰতি বছৰে ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ মাত্ৰু বন্দনা সপ্তাহ পালন কৰা হয় । এই সময়চোৱাত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই যোজনাৰ অধীনত এগৰাকী গৰ্ভৱতী মহিলাই প্ৰথমটো সন্তান প্ৰসৱৰ পিছত তিনিটা কিস্তিত মুঠ পাঁচ হাজাৰ টকা লাভ কৰে ৷ মাত্ৰু বন্দনা সপ্তাহৰ সমান্তৰালকৈ যোৱা ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে ।

লগতে পঢ়ক:ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.