ETV Bharat / state

Lachit Borphukan birth anniversary: লংকা আৰক্ষী থানাৰ উদ্যোগত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন

author img

By

Published : Nov 22, 2022, 2:04 PM IST

lachit borphukans birth anniversary celebrated
লংকা আৰক্ষী থানাৰ উদ্যোগত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন

শুকুৰবাৰৰ পৰা অসম আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন (Lachit Divas 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লংকাতো অনুষ্ঠিত কৰা হয় জাতীয় বীৰ পুৰুষগৰাকীৰ জন্মজয়ন্তী ।

লংকা,২২ নৱেম্বৰ: বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি লংকা আৰক্ষী থানাৰ উদ্যোগত লংকাৰ মাজমজিয়াত প্ৰদৰ্শন কৰা হয় নাটক । সমাজত চলি থকা শাৰিৰীক-মানসিক নিৰ্যাতন, বাল্যবিবাহ আদিক মূল লক্ষ্য হিচাপে লৈ তাক সুন্দৰকৈ ৰাইজৰ মাজত উপস্থাপন কৰা হয় উক্ত নাটকখনত । উক্ত নাটকখনত অভিনয় কৰে কাকীৰ জোনবিৰি নাট্য দলে ।

নাটকখনিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হোজাই অতিৰিক্ত অধীক্ষক পণজিৎ দুৱৰা, লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয়া দাসসহ লংকা আৰক্ষী থানাৰ বিষয়া সকল । নাটকখন উপভোগ কৰি স্থানীয় ৰাইজেও মনৰ সন্তোষ্টি লাভ কৰা পৰিলক্ষিত হয় ।

লংকা আৰক্ষী থানাৰ উদ্যোগত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন

উল্লেখ্য যে, নতুন দিল্লীত অনুষ্ঠিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) । অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । এই উপলক্ষে সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বিশেষ কাৰ্যসূচী ৰখা হৈছে ।

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে এখন প্ৰদৰ্শনী আয়োজন কৰা হৈছে । এই প্ৰদৰ্শনীখন বিত্তমন্ত্ৰীয়ে উদ্বোধন কৰিব । আকৌ দিনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আলোচনা চক্ৰ আৰু দেশপ্ৰেমমূলক সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । আনহাতে ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন ১৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰি ভাষণ প্ৰদান কৰিব (Bir Lachit Barphukan) ।

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ নৱমজন ফুকনলুং । ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে ।

লগতে পঢ়ক: Lachit Borphukan birth anniversary: মৰিগাঁৱত পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.