Hojai Rape Case: ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ সন্দৰ্ভত আৰক্ষীৰ উপ-মহাপৰিদৰ্শকৰ সংবাদমেল

author img

By

Published : Aug 3, 2022, 10:03 PM IST

Hojai Rape Case

সোমবাৰে নিশা লামডিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল (Girl allegedly Raped And Killed in Hojai) ৷ উলংগ অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছৰে পৰা উত্তেজনাই বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলত ৷ এই সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্য ৰাজ হাজৰিকাই ৷

হোজাই, 3 আগষ্ট: বুধবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্য ৰাজ হাজৰিকাই যোৱা সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ উলংগ অৱস্থাত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত(Girl allegedly Raped And Killed in Hojai)এক সংবাদমেল সম্বোধন কৰে ৷

ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ সন্দৰ্ভত আৰক্ষীৰ উপ-মহাপৰিদৰ্শকৰ সংবাদমেল

তেওঁ কয় যে, ইতিমধ্যে হোজাই জিলা আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই তিনিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন অভিযুক্তকেইজন ক্ৰমে লামডিং নিবাসী মিঠুন পাল, দিলীপ সাহু আৰু কনক চন্দ্ৰ দাস । ইয়াৰে দুজনে ইতিমধ্যে তেওঁলোকে কৰা অপৰাধৰ কথা স্বীকাৰ কৰা বুলি জানিবলৈ দিয়ে (DIG Satyaraj Hazarika on Hojai Rape Case) ।

মিঠুন পালৰ বিৰুদ্ধে পূৰ্বেও লামডিং আৰক্ষী থানাত গোচৰ ৰুজু আছে বুলি জনায় সত্য ৰাজ হাজৰিকাই । লগতে তেওঁ কয় যে আজি তিনিজন অপৰাধীক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাৰ লগতে আদালতৰ পৰা তিনি অভিযুক্তক সোধপোছৰ বাবে একসপ্তাহ আৰক্ষীৰ জিম্মাত বিচৰা হৈছে । আনহাতে, ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত চলি আছে বুলি উপ মহাপৰিদৰ্শক সত্য ৰাজ হাজৰিকাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Sualkuchi HIV Positive Lovers: প্ৰেমিক HIV প'জিটিভ বাবেই প্ৰমিকায়ো দেহত চিৰিঞ্জেৰে সুমুৱাই ল’লে প্ৰেমিকৰ তেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.