ETV Bharat / state

কাটাখালত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে

author img

By

Published : Sep 14, 2020, 4:35 AM IST

কাটাখালত শোকাবহ পথ দুৰ্ঘটনা ৷ পথৰ দাঁতিত ৰৈ থকা ট্ৰাকত খুন্দা মাৰে তীব্ৰবেগী বাইকে ৷ ঘটনাস্থলীতে নিহত দুই বাইক আৰোহী ৷

two died in a road accident at katakhal
two died in a road accident at katakhal

শিলচৰ, 13 ছেপ্টেম্বৰ : হাইলাকান্দি জিলাৰ কাটাখাল অঞ্চলত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজন বাইক আৰোহী ৷ দেওবাৰে সন্ধিয়া প্ৰায় 7.40 বজাত কাটাখালৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালচাপৰা পাইপাছত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো ৷

জানিব পৰা মতে পথৰ দাঁতিত ৰৈ থকা AS 11 C 4282 নম্বৰৰ ট্ৰাকখনত তীব্ৰ বেগত আহি খুন্দা মাৰে AS 11 M 7546 নম্বৰৰ বাইকত অহা দুগৰাকী আৰোহীয়ে ৷ যাৰ ফলত ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাই ৰাজেশ ৰৰংমাই আৰু সুকল্যাণ দাস নামৰ বাইক আৰোহী দুৰগৰাকীয়ে ৷ দুৰ্ঘটনাৰ খবৰ পাই কাটাখাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাজাৰুল ইচলাম লগত আৰক্ষী লৈ সেই স্থানত উপস্থিত হয় ৷ ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত দুয়ো বাইক আৰোহীক স্থানীয় কালীনগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে ৷

দুৰ্ঘটনাত পতিত হোৱা বাইকখন উদ্ধাৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লয় আৰু মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : মৰাণত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.