প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দি অসামৰিক চিকিৎসালয়

author img

By

Published : Feb 28, 2021, 9:46 PM IST

patient dead in hailakandi

আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধু্ৰী এই ঘটনাৰ পাছতেই চিকিৎসালয়ত উপস্থিত হৈ মৃত প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে আৰু দোষী চিকিৎসা কৰ্মীৰ গ্ৰেপ্তাৰৰ দাবী জনায় ।

হাইলাকান্দি, ২৮ ফেব্ৰুৱাৰী : হাইলাকান্দি অসামৰিক চিকিৎসালয়ত দেওবাৰে এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে । চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্মীৰ গাফিলতিৰ বাবে সজনা বেগমক নামৰ প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ দেওবাৰে পুৱা প্ৰায় ৯ টা বজাত হাইলাকান্দি জিলাৰ বোৱালিপাৰৰ সজনা বেগমক পৰিয়ালৰ লোকে হাইলাকান্দি সন্তোষ কুমাৰ ৰায় চিকিৎসালয়ত ভৰ্তি কৰে ৷ অভিয়োগ অনুসৰি, প্ৰসূতিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসালয়ৰ কৰ্মীয়ে ৫ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছে ৷ কিন্তু পৰিয়ালৰ লোকে টকা নিদিয়াৰ বাবে চিকিৎসক তথা নাৰ্চে গাফিলতি কৰে যাৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যু হয় ৷

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দি অসামৰিক চিকিৎসালয়

প্ৰসূতিগৰাকীৰ মৃত্যুৰ পাছতেই উত্তপ্ত হৈ পৰে হাইলাকান্দি অসামৰিক চিকিৎসালয় । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় । ইপিনে এই ঘটনাৰ পাছতেই আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধু্ৰী চিকিৎসালয়ত উপস্থিত হৈ মৃত প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে আৰু দোষী চিকিৎসা কৰ্মীৰ গ্ৰেপ্তাৰৰ দাবী জনায় । বৰ্তমান হাইলাকান্দি সদৰ থানাত চিকিৎসা কৰ্মী অমিত ৰঞ্জন লস্কৰ তথা নাৰ্চৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ক'লে, বিজেপি এইবাৰ ডুবিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.