Explosives recovered in Hailakandi : ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম !

author img

By

Published : Dec 16, 2021, 1:28 PM IST

Explosives recovered in Hailakandi

চিআৰপিএফৰ এক অভিযানত হাইলাকান্দিৰ শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi)। বিস্ফোৰক সামগ্ৰীৰ সৈতে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

শিলচৰ,১৬ ডিচেম্বৰ : ভয়ংকৰ কূটাঘাটৰ পৰা কথমপি ৰক্ষা পৰিল অসম । এই হাইলাকান্দি জিলাৰ কাটাখাল শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi) । কাটাখাল সেঁতুৰ সমীপতে চিআৰপিএফৰ এটা অভিযানকাৰী দলে জব্দ কৰে বিস্ফোৰক সামগ্ৰীখিনি ।

বিস্ফোৰক সামগ্ৰীৰ সৈতে মইন উদ্দিন লস্কৰ নামৰ এজন লোককো আটক কৰা হয় (One person apprehended with explossive) । কুচিলা কেম্পৰ জোৱানসকলে লোকজনক ইতিমধ্যে পাঁচগ্ৰাম আৰক্ষীক হস্তান্তৰ কৰিছে । জানিব পৰা মতে হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত কেইবাগৰাকী শীৰ্ষ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন লোকজনক জেৰা অব্যাহত ৰাখিছে ।

Explosives recovered in Hailakandi
ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম

লক্ষণীয়ভাৱে সেই বিস্ফোৰক সামগ্ৰীখিনি কি উদ্দেশ্যেৰে সৰবৰাহ কৰা হৈছিল সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত । কোনো উগ্ৰপন্থী সংগঠনে পুনৰ অসমত কৃটাঘাতৰ পৰিকল্পনা কৰিছে নেকি ? লোকজনক চলোৱা জেৰাৰ অন্তত হে সকলো কথা পোহৰলৈ আহিব ।

লগতে পঢ়ক :Firing at Nagaon: দুৰ্বৃত্তৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.