ETV Bharat / state

এফালে দুৰ্গোৎসৱ, আনফালে গজৰাজ

author img

By

Published : Oct 6, 2019, 2:09 PM IST

গোলাঘাট নুমলীগড়ত হাতী-মানুহৰ সংঘাত ৷ বহুপৰলৈ বন্ধ 39 নং ৰাষ্ট্ৰীয় ঘাই পথ ৷

নুমলীগড় ন-পথাৰ অঞ্চলত বন্যহস্তীৰ প্ৰৱেশ

গোলাঘাট, 6 অক্টোবৰ: দুৰ্গোৎসৱৰ আনন্দৰ দিনতো গোলাঘাট নুমলীগড় ন-পথাৰ অঞ্চলত ৰাইজে দিন নিয়াব লগা হৈছে বন্যহস্তীৰ আতংকত ৷ দেওবাৰে অষ্টমীৰ আনন্দৰ মাজতে বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নুমলীগড় ন-পথাৰ অঞ্চলত ৷

শনিবাৰে নিশা ৪০-৫০ জনীয়া এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰে অঞ্চলটোৰ খেতিপথাৰ । এতিয়া ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰখন,খেতি পথাৰ । নিশাটো বাদেই দিন-দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে ৷

হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ লোৱাৰ সময়তো বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

নিশা উজাগৰে হাতী খেদিছে গঞাই
Intro:গোলাঘাট নুমলীগড়তত অব্যাহত আছে হাতী, মানুহৰ সংঘাত। আজি অষ্টমী , দুৰ্গা পূজাৰ উলহ মালহৰ মাজতে নিশা উজাগৰে কটাব লগীয়া হৈছে ন পথাৰ বাসি কৃষকে। বহু পৰ বন্ধ হৈ থাকে 39 নং ৰাষ্ট্ৰীয় ঘাই পথ।

Body:আজি অষ্টমী ।সকলোৱে পূজা চাবলৈ ঢাপলি মেলিছে বজাৰলৈ ।ঠিক সেই সময়তে গোলাঘাট নুমলীগড় নপথাৰ অঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ জাকে, খাই তহিলং কৰিছে খেতি পথাৰ ।
। এতিয়া দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰপ । দৈনিক জাকে জাকে বন্যহস্তী  জনা্ঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ । নিশা ৪০-৫০ জনীয়া এটা বৃহ্ৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে নুমলীগড় ন পথাৰ অঞ্চল । এতিয়া ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰ খন , খেতি পথাৰ ।নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে  । স্থানীয় লোকসকলে খেদিবলৈ চেষ্টা কৰিও বিফল হয় । এনেদৰে এতিয়া গোলাঘাটৰ বিভিন্ন অঞ্চলত ভয়াৱহ ৰূপ লৈছে হাতী,মানুহৰ সংঘাতে  । ইফালে খবৰ দিয়াৰ পিছতো  বনকৰ্মী য়ে হাতী খেদিবলৈ  নহাৰ অভিযোগ । স্থানীয় লোকে ক্ষোভ উজাৰে বন বিভাগৰ ওপৰত । বিভিন্ন অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷Conclusion:Byte 1 : স্থানীয় যুৱক
গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.