ETV Bharat / state

কিশোৰ নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ

author img

By

Published : Jun 15, 2021, 12:47 PM IST

শেহতীয়াকৈ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটস্থিত ১৪২ নং চিআৰপিএফৰ জোৱানে ঘৰৰ পৰা উঠাই নি ওৰে নিশা অমানৱীয়ভাৱে তিনিজন কিশোৰক নিৰ্যাতন চলাইছিল ৷ এই সন্দৰ্ভত সোমবাৰে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই তদন্তৰ দাবীত ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে ৷

uriamghat aasu submits memorandum  to sdo against crpf jawan for abusing  3 minor
চিআৰপিএফৰ কিশোৰ নিৰ্যাতনৰ ঘটনাকলৈ ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ

সৰুপথাৰ,15 জুন : শেহতীয়াকৈ অসম-নাগালেণ্ড সীমান্ত(Assam Nagaland border)ৰ উৰিয়ামঘাটৰ সোণালী নগৰৰ তিনি কিশোৰক চিআৰপিএফ(CRPF)ৰ জোৱানে ঘৰৰ পৰা উঠাই নি মাৰপিট কৰাৰ ঘটনা সংঘটিত কৰিছিল ৷ এই সন্দৰ্ভত সোমবাৰে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই মহকুমাধিপতিক এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

uriamghat aasu submits memorandum  to sdo against crpf jawan for abusing  3 minor
চিআৰপিএফৰ কিশোৰ নিৰ্যাতনৰ ঘটনাকলৈ ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ

উল্লেখযোগ্য যে, অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ সোণালী নগৰৰ তিনি কিশোৰ ক্ৰমে জান গগৈ, পৱিত্ৰ গগৈ আৰু মিণ্টু আহমেদক ১৪২ নং চিআৰপিএফৰ জোৱানে ঘৰৰ পৰা এটা পানী মটৰ চুৰি কৰাৰ সন্দৰ্ভত উঠাই নি ওৰে নিশা অমানৱীয়ভাৱে মাৰপিট কৰে ৷ এই ঘটনাৰ পিছত ধনশিৰি মহকুমাৰ মহকুমাধিপতি(SDO Dhansiri subdivision)ক স্মাৰক পত্ৰ প্ৰদান কৰি আঞ্চলিক ছাত্ৰ সন্থাই উক্ত বিষয়ৰ সন্দৰ্ভত সঠিক তদন্তৰ দাবী কৰে ৷

uriamghat aasu submits memorandum  to sdo against crpf jawan for abusing  3 minor
চিআৰপিএফৰ কিশোৰ নিৰ্যাতনৰ ঘটনাকলৈ ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ

লগতে পঢ়ক : ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.