ETV Bharat / state

Gumball India Car Rally: গামৱেল ইণ্ডিয়া কাৰ ৰেলীত বিজয়ী বিশেষভাৱে সক্ষম দুই যুৱক

author img

By

Published : Dec 30, 2021, 5:24 PM IST

GUMBALL INDIA সংস্থাই আয়োজন কৰা 2022 বৰ্ষৰ Non-stop বাহন চলোৱা প্ৰতিযোগিতাত বিজয়ী শিতাপ দখল কৰিবলৈ সক্ষম হয় বিশেষভাৱে সক্ষম গুজৰাটৰ প্ৰশান্ত গড়কানে আৰু তেওঁৰ সতীৰ্থই ৷ GUMBALL INDIA সংস্থাৰ দ্বাৰা আয়োজিত এই ৰেলীত অংশগ্ৰহণ কৰা দলকেইটা বুধবাৰে নিশা উপস্থিত হয় বোকাখাতত ৷

Azadi Ka Amrit Mahotsav
গামৱেল ইণ্ডিয়া কাৰ ৰেলীত বিজয়ী বিশেষভাৱে সক্ষম দুই যুৱক

বোকাখাত, 30 ডিচেম্বৰ : শাৰীৰিক বাধাকো নেওচি চাৰি হাজাৰ কি.মি. পথ একেৰাহে বাহন চলাই অসমত উপস্থিত হ’লহি গুজৰাটৰ প্ৰশান্ত গড়কানে আৰু তেওঁৰ সতীৰ্থ ৷ 2012 বৰ্ষত এক দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰিয়েই হেৰুৱাব লগীয়া হৈছিল প্ৰশান্তে ৷ কিন্তু শাৰীৰিক বাধাকো নেওচি 2022 বৰ্ষৰ GUMBALL INDIA সংস্থাই আয়োজন কৰা Non-stop চাৰি হাজাৰ কি.মি.পথ একোৰাহে বাহন চলাই বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয় বিশেষভাৱে সক্ষম প্ৰশান্ত আৰু তেওঁৰ এগৰাকী সতীৰ্থই ৷

উল্লেখ্য যে, প্ৰতিবছৰে GUMBALL INDIA সংস্থাই আয়োজন কৰে এক নিদ্দিৰ্ষ্ট কি.মি পথত Non-stop বাহন চলোৱা প্ৰতিযোগিতা ৷ বিগত বৰ্ষসমূহৰ লেখিয়াকৈ 2021 বৰ্ষতো সংস্থাটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ ‘আজাদি কি অমৃত মহোৎসৱ’ (Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি ‘গঁড় সুৰক্ষা’ আৰু ‘One Nation One people’ বাণী প্ৰচাৰৰ উদেশ্যে আয়োজন কৰা Non-stop চাৰি হাজাৰ কি.মি.পথ বাহন চালনাৰ ৰেলী আয়োজন কৰা হয় ৷ এই ৰেলীত দেশৰ ১৬ খন ৰাজ্যৰ ১৬ টা দলে অংশগ্ৰহণ কৰে ৷

এই ৰেলী চলিত মাহত গুজৰাটৰ কটেছিয়াৰ পৰা আৰম্ভ হৈ অৰুণাচলৰ কাহুত অন্ত পৰে ।

এই ৰেলীৰ বিশেষত্ব এয়ে যে, এই যাত্ৰা কালত কোনো স্থানত অংশগ্ৰহণকাৰীয়ে জিৰণি ল’ব নোৱাৰে । দুজন চালকৰ সহযোগত কম সময়ৰ ভিতৰত নিয়ন্ত্ৰিত গতিত বাহন চলাই অতিক্ৰম কৰিব লাগিব সম্পূৰ্ণ পথচোৱা । অৰুণাচলত ৰেলী সমাপ্ত কৰি বুধবাৰে নিশা দলটো উপস্থিত হয় বোকাখাতত । এই ৰেলীত অসমৰ দুগৰাকী সদস্যইও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : PM Modi to visit Tripura : প্ৰধানমন্ত্ৰী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী সুশান্ত চৌধুৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.