এইবাৰ বন বিভাগক বগা হাতী বুলিলে বিধায়ক মৃণাল শইকীয়াই

author img

By

Published : Sep 28, 2022, 3:12 PM IST

mla mrinal saikia reacts to cutting of trees

গোলাঘাটত উদ্যান নিৰ্মাণৰ নামত অবাধে চলিছে বন ধ্বংস যজ্ঞ । অতৰ্কিতে গছ-কাটি তহিলং কৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ বিধায়ক মৃণাল শইকীয়া (Oppose to cutting trees for construction of park) । বন বিভাগক বগা হাতী আখ্যা শইকীয়াৰ (MLA Mrinal Saikia slams forest department) ।

গোলাঘাট, ২৮ ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন বনাঞ্চলত বনধ্বংস যজ্ঞ চলি থকাৰ মাজতে এইবাৰ গোলাঘাট নগৰৰ মাজ মজিয়াতে উদ্যান নিৰ্মাণৰ নামত জধে মধে গছ কাটি তহিলং কৰিছে । ডাঙৰ ডাঙৰ গছ কটাৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Oppose to cutting trees for construction of park) । অতৰ্কিতে গছ-কাটি তহিলং কৰা কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া (MLA Mrinal Saikia opposes cutting of trees) ।

মঙলবাৰে উদ্যান নিৰ্মাণস্থলীত উপস্থিত হৈ শইকীয়াই কয় যে, ভয়ংকৰ জলবায়ু পৰিৱৰ্তন হোৱা ভাৰতৰ ৮ ৰাজ্যৰ ভিতৰত অন্যতম এখন হৈছে অসম । অসমৰ নগৰসমূহত এনেকৈ গছ কাটি থাকিলে পৰিস্থিতি আৰুহে ভয়াৱহ হ'ব । গোলাঘাট নগৰত যেন গছ কটাৰ প্ৰতিযোগিতাহে হৈছে ।

বন বিভাগ বগা হাতী: গছ কটাক লৈ সৰৱ বিধায়ক মৃনাল শইকীয়া

তেওঁ লগতে কয় যে, প্ৰথমে পাৰ্ক সমূহৰ গছ কাটি তহিলং কৰিব আৰু তাৰ পাছত ক'ব যে গছ থাকিলেহে মানুহ থাকিব । গছ কাটি উদ্যান খোলা কাৰবাৰ গোলাঘাটত বন্ধ হ'ব লাগিব । লগতে গছ কটাৰ সময়ত সংগ দিয়া বন বিভাগক বগা হাতীৰ আখ্যা দিলে বিধায়ক মৃণাল শইকীয়াই(MLA Mrinal Saikia slams forest department) ।

উল্লেখযোগ্য যে, উন্নয়নৰ নামত গোলাঘাটৰ জ্যোতিৰ্ময়ী শিশু উদ্যানত মঙলবাৰে অতৰ্কিতে গছ-কাটি তহিলং কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে বিধায়ক মৃণাল শ‌ইকীয়াই । উদ্যানখনত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে । জানিব পৰা মতে গোলাঘাটত CIDF পুঁজিৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক কামৰ ভিতৰত অন্যতম আছিল জ্যোতিৰ্ময়ী শিশু উদ্যান । কিন্তু উদ্যান নিৰ্মাণৰ নামত এনে বন ধ্বংস যজ্ঞৰ বিৰোধীতা গোলাঘাটবাসী ৰাইজ তথা জনপ্ৰতিনিধিৰো ।

লগতে পঢ়ক: জনীয়াত শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.