লাভলীনা বৰগোহাঁইলৈ ৫ লাখ টকাৰ সাহাৰ্য বিধায়ক বিশ্বজিৎ ফুকনৰ

author img

By

Published : Jun 15, 2021, 10:31 PM IST

MLA BISHWAJIT PHUKAN VISIT BOXER PLAYER LOVLINAS HOME

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ খেলুৱৈ লাভলিনা বৰগোহাঁই (Lavlina Borgohain)ৰ গৃহত মঙলবাৰে উপস্থিত হয় গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan) ৷ লাভলিনা বৰগোহাঁই (Lavlina Borgohain)ৰ পিতৃক সম্বৰ্ধনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৫ লাখ টকাৰ চেক আগবঢ়োৱাব বুলি ঘোষণা বিশ্বজিৎ ফুকনে (Biswajit Phukan) ।

সৰুপথাৰ,15 জুন: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই (Lavlina Borgohain)ৰ গৃহত মঙলবাৰে উপস্থিত হয় গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan) ৷ লাভলীনা বৰগোঁহাই (Lavlina Borgohain)ৰ পিতৃক সম্বৰ্ধনা জনোৱাৰ লগতে বক্সাৰ গৰাকীক চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৫ লাখ টকাৰ চেক আগবঢ়াব বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, টকিঅ' অলিম্পিকলৈ (Tokyo Olympic) যোগ্যতা অৰ্জন কৰিছে অসম গৌৰব তথা গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰি মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইে (Lavlina Borgohain) ৷ আজি বক্সাৰ গৰাকীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ গৃহত উপস্থিত হয় স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan) ৷ বক্সাৰ গৰাকীৰ পিতৃ টিকেন বৰগোহাঁইক ফুলাম গামোচা, সঁফুৰা, সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় বিধায়ক গৰাকীয়ে ।

লাভলীনা বৰগোহাঁইলৈ ৫ লাখ টকাৰ চেক :বিধায়ক বিশ্বজিৎ ফুকন

উল্লেখযোগ্য যে, লাভলীনা বৰগোহাঁইয়ে (Lavlina Borgohain) এচিয়ান বক্সিং চেম্পিয়ন শ্বিপত (Asian Boxing Championship) ৬৯ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি আগন্তুক জুলাই মাহৰ ৮ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা টকিঅ' অলিম্পিক (Tokyo Olympic) লৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইফালে লাভলীনাই টকিঅ' অলিম্পিক (Tokyo Olympic) ত স্থান লাভ কৰাত শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, টকিঅ’ অলিম্পিকত সকলো দিশতে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে বুধবাৰে মুখ্যমন্ত্ৰীয়ে পিতৃৰ হাতত টকিঅ' অলিম্পিক (Tokyo Olympic) ৰ অনুশীলনৰ বাবে লাভলীনাক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰিব বুলি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। টকিঅ’ অলিম্পিক (Tokyo Olympic)ত যাতে ৰাজ্যৰ লগতে দেশৰ নাম উজলাই তুলিব পাৰে তাৰবাবে লাভলীনা বৰগোহাঁইলৈ শুভকামনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক-অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.