ETV Bharat / state

গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণ, এজন আঘাতপ্ৰাপ্ত

author img

By

Published : May 21, 2020, 9:43 AM IST

বুধবাৰে গোলাঘাটৰ 2 নং কোৱানীত নাহৰফুটুকী বাঘৰ আতংক ৷ আতংকৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হৰি বৰাইক নামৰ লোকজন ৷ আঘাতপ্ৰাপ্ত হৰি বৰাইক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

এজন আঘাতপ্ৰাপ্ত
গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণ

গোলাঘাট, 21 মে’: গোলাঘাটৰ 2 নং কোৱানীত বুধবাৰে নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হয় এজন লোক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ নাম হৰি বৰাইক । গৰু আনিবলৈ যাওঁতে বাঘে আক্ৰমণ কৰে হৰি বৰাইক । আক্ৰমণৰ ফলত মূৰত আৰু হাতত আঘাত পায় লোকজনে ।

গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণ

আঘাতপ্ৰাপ্ত হৰি বৰাইক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, গোলাঘাটৰ এই অঞ্চলটোত বহুদিন ধৰি বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে অঞ্চলবাসীৰ গৰু, ছাগলী, গাহৰি ভক্ষণ কৰি আছে বাঘে । বন বিভাগক খবৰ দিয়াৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: ৰাজ্যত সুস্থ 7জন কৰ'ণাত আক্ৰান্ত ৰোগী, ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.