প্ৰাপ্য ধন নাপায় হিন্দু জাগৰণ মঞ্চৰ কাষ চাপিল শ্ৰমিক

author img

By

Published : Oct 16, 2021, 9:21 PM IST

labour-unpaid

চুঙাজানত ৰেলৱে ঠিকা কামত অথন্তৰ ৷ শ্ৰমিকক প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ । উপায়ন্তৰ হৈ শ্ৰমিক কাষ চাপিল হিন্দু জাগৰণ মঞ্চৰ ।

সৰুপথাৰ , 16 অক্টোবৰ : গোলাঘাটৰ চুঙাজান ৰেল ষ্টেচনৰ ঠিকা কামত নিয়োজিত স্থানীয় প্ৰায় ৪০ জন শ্ৰমিক প্ৰাপ্য মজুৰিৰ পৰা দুটা বছৰে বঞ্চিত হৈ আছে । উপায়ন্তৰ হৈ শ্ৰমিক সকল কাষ চাপিছে হিন্দু জাগৰণ মঞ্চৰ । বিগত দুটা বছৰৰ আগৰ পৰাই চুঙাজান ৰেল ষ্টেচনত নতুন ৰেল ট্ৰেক , ষ্টেচন উন্নীতকৰণ আদি কামৰ ঠিকা লাভ কৰিছিল মগবোল হুছেইন নামৰ ঠিকাদাৰ জনে ।

প্ৰাপ্য ধন নাপায় হিন্দু জাগৰণ মঞ্চৰ কাষ চাপিল শ্ৰমিক

কাম সমূহ চোৱাৰ দায়িত্বত আছিল মনোৱাৰ, চাহাজুল, আলাউদ্দীন আৰু স্থানীয় সঞ্জীৱ বৰা নামৰ লোক কেইজন । সম্প্ৰতি বিভিন্ন অজুহাত দেখুৱাই স্থানীয় শ্ৰমিক সকলক ঠগি কাম সম্পূৰ্ণ কৰি আজি পৰ্যন্ত প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এই সকল শ্ৰমিকে । এই সম্পৰ্কে হিন্দু জাগৰণ মঞ্চ সৰুপথাৰ সমিতিয়ে চুঙাজান ৰেলৱে ষ্টেচনত এখনি বৈঠক অনুষ্ঠিত কৰে ৷

হিন্দু জাগৰণ মঞ্চই শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰি অতি সোনকালে আদায় দিবলৈ ঠিকাদাৰ তথা স্থানীয় ঠিকাদাৰ সকলক দাবী জনায় অন্যথা উক্ত ঠিকাদাৰজনৰ চুবুৰীয়া ষ্টেচন সমূহত চলি থকা কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে । উল্লেখ্য যে, এই সমগ্ৰ বিষয়টোত কল্যান দাস নামৰ ৰেলৱে বিষয়া এজনৰ নাম সাঙোৰ খাইছে । সকলো কাম-কাজ বিষয়া জনৰ নিয়ন্ত্ৰণত কৰা হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ঠিকাদাৰ জনে ।

লগতে পঢ়ক : হঠাৎ বিকল হ’ল ফুটব্ৰীজৰ লিফ্ট; আবদ্ধ দুটি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.