1 অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Sep 25, 2021, 6:36 PM IST

1 অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

1 অক্টোবৰৰ পৰা পুনৰ প্ৰাণ পাব কাজিৰঙাই ৷ দেশী-বিদেশী পৰ্যটক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষ ৷ উৎফুল্লিত হৈ পৰিছে পৰ্যটন উদ্যোগৰ লগত জড়িত লোক সকল ৷

বোকাখাত, 25 ছেপ্তেম্বৰ: প্ৰহিলা অক্টোবৰৰ পৰা পুনৰ খোল খাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ 22 ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকল ৷

ইপিনে পহিলা অক্টোবৰত কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চল মুকলি কৰাৰ লগতে 15 অক্টোবৰত অগৰাতলি আৰু বঢ়াপাহাৰ বনাঞ্চল মুকলি কৰাৰ কথা ঘোষণা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটক সকলে অক্টোবৰৰ পৰাই জীপ চাফাৰীৰ যোগেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসংগিক দৃশ্য উপভোগ কৰিব পাৰিব ৷

1 অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

সম্প্ৰতি জীপ চাফাৰী লগত জড়িত লোক সকলেও তেওঁলোক গাড়ী সমূহ মেৰামতি সম্পূৰ্ণ কৰিছে যাত্ৰী সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰাবলৈ । আনাহাতে দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ কাজিৰঙা উদ্যান কৰ্তৃপক্ষই ৰাস্তা ঘাটৰ লগতে আন্তঃগাঁঠনিৰ কাম সমূহ দ্ৰুত গতিত আৰম্ভ কৰিছে ৷

একেদৰে পৰ্যটন বিভাগে হোটেল-ৰেস্তোৰাৰ লগতে ব্যক্তিগত হোটেল সমূহ চেনিটাইজ কৰাৰ লগতে আটকধুনীয়াকৈ সজাই পৰাই তুলিছে ৷ তাৰ লগেলগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু পৰ্যটন উদ্যোগৰ লগত জড়িত লোক সকলে পৰ্যটক সকলক ক’ভিড ভেকছিনৰ দুয়োটা পালী গ্ৰহণ কৰাৰ লগতে সকলো ধৰণৰ ক'ভিড প্ৰট'কল মানিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃ কিদৰে প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.