ETV Bharat / state

খুমটাইত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত

author img

By

Published : Aug 14, 2020, 4:33 PM IST

৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ন-ৰূপত সজাই পৰাই তুলিছে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই। পুৱাই স্থানীয় সকলো পুৰুষ মহিলা ব্যস্ত হৈ পৰিছে চাফ চিকোণৰ কামত।

Independence day celebration preparation at khumtai
খুমটাইত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত

খুমটাই,14আগষ্টঃ সমগ্ৰ দেশতে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতিৰ কাম চলিছে যদিও সমগ্ৰ দেশতে মহামাৰী ক'ৰণা ভাইৰাছৰ বাবে পূৰ্বতকৈ এইবাৰ জনসাধাৰণৰ মাজত উৎসাহ কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা গৈছে।

Independence day celebration preparation at khumtai
খুমটাইত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত

ইপিনে খুমটাইৰ যোগীবাৰী গ্ৰাম্য পয্যটন প্ৰকল্পত বিধায়ক মৃনাল শইকীয়াই স্বাধীনতা দিৱস উদযাপনৰ বাবে ইতিমধ্যে প্ৰকল্পৰ বিভিন্ন স্থান সমূহ ন ৰূপত সজাই পৰাই তুলিছে। শনিবাৰে উক্ত স্থানত পুৱা ৮ বজাত ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব বিধায়ক গৰাকীয়ে। ইয়াৰ লগত সংগতি ৰাখি বহু কেইটা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃযোগাসনৰ জৰিয়তে বিশ্ব অভিলেখ বাক্সাৰ পুষ্কৰ নেৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.