ETV Bharat / state

সৰুপথাৰত প্ৰশাসনৰ চকুত ধূলি দি নিশাৰ ভাগত পাণৰ ব্যৱসায়

author img

By

Published : Apr 20, 2020, 1:23 PM IST

গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ পৰা লখিমপুৰলৈ গোপনে চলিছে পাণৰ ব্যৱসায় ৷ শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই সকলো কথা স্পষ্টকৈ উদঙাই দিছে ৷

Illegal business during lock down at Sarupothar
সৰুপথাৰত প্ৰশাসনৰ চকুত ধূলি দি নিশাৰ ভাগত পাণৰ ব্যৱসায়

সৰুপথাৰ,20 এপ্ৰিলঃ সমগ্ৰ দেশতে লক ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো ব্যৱসায় বাণিজ্য বন্ধ ৰখাৰ নিৰ্দেশ প্ৰাদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু ইয়াৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনৰ চকুত ধূলি দি নিশাৰ ভাগত চলাই গৈছে ব্যৱসায় ৷ গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ পৰা লখিমপুৰলৈ গোপনে চলিছে পাণৰ ব্যৱসায় ৷ শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই সকলো কথা স্পষ্টকৈ উদঙাই দিছে ৷ ভিডিঅ’টোত চোৰাং ব্যৱসায়ীসকলে ইয়াৰ পূৰ্বেও এনেদৰে নিশাৰ ভাগত ব্যৱসায় চলোৱাৰ কথাও ব্যক্ত কৰে ৷

সৰুপথাৰত প্ৰশাসনৰ চকুত ধূলি দি নিশাৰ ভাগত পাণৰ ব্যৱসায়

এতিয়া প্ৰশ্ন হয়,কোভিড 19 ত আক্ৰান্ত ৰোগী ধৰা পৰাৰ পিচত লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে আটাইতকৈ কঠোৰ হোৱা দেখা গৈছিল গোলাঘাট আৰক্ষীক ৷ তেনে সময়ত কেনেদৰে এই ব্যৱসায়ীসকলে পাণৰ ব্যৱসায় সকলে ব্যৱসায় চলাবলৈ সাহস পালে,সেয়া ডাঙৰ প্ৰশ্ন ?

লগতে পঢ়ক-নগাঁৱত আটক সাংবাদিক নামধাৰী ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.