ETV Bharat / state

গোলাঘাট গ্ৰন্থ মেলাৰ বাকৰিত শিশুৰ দিন উদযাপন

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 9:34 AM IST

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ বাকৰিত শিশুৰ দিন উদযাপন ৷ ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলত খলকনি সৃষ্টি কৰা ফ্ল’ৰিনা গগৈ আৰু কৌটিল্য পণ্ডিত খ্যাত বিতোপন মিন্সৰ অংশগ্ৰহণ । বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন ৷

GOLAGHAT BOOK FAIR
গোলাঘাট গ্ৰন্থ মেলাৰ বাকৰিত শিশুৰ দিন উদযাপন

গোলাঘাট গ্ৰন্থ মেলাৰ বাকৰিত শিশুৰ দিন উদযাপন

গোলাঘাট, 4 ডিচেম্বৰ: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠন তথা জিলাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহৰ ৷ এই অনুষ্ঠানৰ চতুৰ্থ দিনটো উদযাপন কৰা হয় শিশুৰ দিন হিচাপে ।

শিশুৰ দিন উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত উপস্থিত থাকে নুমলীগড় তেল শোধনাগাৰৰ পৰিচালন সঞ্চালক জ্যোতি ফুকন, ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলত নৃত্য শৈলীৰে খলকনিৰ সৃষ্টি কৰা ফ্ল’ৰিনা গগৈ আৰু কৌটিল্য পণ্ডিত খ্যাত বিতোপন মিন্স । উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে ভাস্কৰ জ্যোতি ফুকন, ফ্ল’ৰিনা গগৈ আৰু কৌটিল্য পণ্ডিত খ্যাত বিতোপন মিন্সে । অনুষ্ঠানটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নুমলীগড় তেল শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে ।

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় সদৌ অসম ভিত্তিত মেগা চিত্ৰাংকন প্ৰতিযোগিতা । এই চিত্ৰাংকন প্ৰতিযোগিতাত কেইবাশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । তাৰ পাছতে গোলাঘাট মইনা পাৰিজাতৰ উদ্যোগত কবিতা আবৃত্তি প্ৰতিযোগিতা, উপ-সমিতিৰ উদ্যোগত শব্দ বৃক্ষ প্ৰতিযোগিতা, কবি সন্মিলনৰ উদ্যোগত ঠাইতে কবিতা লিখা প্ৰতিযোগিতা, কুঁহি উপ-সমিতিৰ উদ্যোগত আমি গ্ৰন্থ পঢ়িব লাগে কিয় ? গ্ৰন্থ মেলাৰ প্ৰয়োজনীয়তা সম্পৰ্কত প্ৰতিযোগিতা, জাতীয় সংগ্ৰামী সেনা অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

সাধু কোৱা প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈয়ে । উল্লেখ্য যে, শিশু দিনৰ উদ্বোধনী অনুষ্ঠানত নৃত্য আৰু নিজৰ বক্তব্যৰে অনুষ্ঠানটি জীপাল কৰি তোলে ছুপাৰ ডান্সাৰ ফ্ল’ৰিনা গগৈয়ে । আনহাতে, দেশ-বিদেশৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি উপস্থিত সকলোকে আচম্ভিত কৰিলে কৌটিল্য পণ্ডিত খ্যাত বিতোপন মিন্সে ।

লগতে পঢ়ক: অন্য সামগ্ৰীৰ পৰিৱৰ্তে সন্তানক গ্ৰন্থ উপহাৰ দিয়ক: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.