বোকাখাতত গৰুৰ চোৰাং বেহা: দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিজেপি যুৱ মৰ্চাৰ

author img

By

Published : Sep 23, 2022, 9:28 PM IST

BJP Youth reactions on Cow smuggling at Bokakhat

গৰুৰ অবৈধ চিণ্ডিকেট আৰু সৰহবৰাহৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে বিজেপিৰ যুৱ মৰ্চা(Cow smuggling at Bokakhat) ৷ গৰুৰ অবৈধ সৰহবৰাহৰ সৈতে জড়িতসকলক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনালে সংগঠনটোয়ে ৷

বোকাখাত, 23 ছেপ্টেম্বৰ: ৰাজ্যত পুনৰ গো-হত্যাৰ ঘটনা ৷ কিছুদিন পূৰ্বে বোকাখাতত ৪৭ টাকৈ অবৈধ গৰুৰ মৃত্যু হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বোকাখাতত পুনৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহে আন এক চাঞ্চল্যকৰ ঘটনা(Cow smuggling at Bokakhat) ৷ অতি নিৰ্দয়ভাৱে ডিঙি আৰু ভৰি বন্ধা অৱস্থাত ২৩ টাকৈ গৰু অবৈধভাৱে কঢ়িয়াই অনা এখন মিনি ট্ৰাক আজি জব্দ কৰে বোকাখাত আৰক্ষীয়ে ৷

এই ঘটনাৰ পাছতে গৰুৰ অবাধ মৃত্যু আৰু সৰবৰাহৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপিৰ যুৱ মৰ্চা(BJP Youth reactions on Cow smuggling at Bokakhat) ৷ শুক্ৰবাৰে বোকাখাতৰ মহকুমাধিপতিক এক স্মাৰক পত্ৰ প্ৰদান কৰে বোকাখাত মণ্ডল বিজেপি আৰু যুৱ মৰ্চাই ৷ অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ নেতৃত্বত বোকাখাত মণ্ডল বিজেপিৰ সভাপতি জীৱেশ্বৰ হাজৰিকা আৰু যুৱ মৰ্চাৰ সদস্যসকলৰ উপস্থিতিত মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোয়ে ৷

বোকাখাতত গৰুৰ চোৰাং বেহা:দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিজেপি যুৱ মৰ্চাৰ

গৰুৰ অবৈধ সৰহবৰাহ আৰু ৪৭ টাকৈ গৰুৰ কৰুণ মৃত্যুৰ সৈতে জড়িতসকলক শীঘ্ৰে চিনাক্ত কৰি দুষ্ট চক্ৰটো শাসক-বিৰোধী যি দলৰে নহওঁক কিয় দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোয়ে(47 dead cows found inside the truck)৷ লগতে অভিযোগ কৰি কলে, গৰুৰ চোৰাং সৰবৰাহৰ সৈতে পৰমা ওৰফে পৰমানন্দ দাস নামৰ এজনৰ নাম সাঙোৰ খাইছে আৰু বৰ্তমানেও দাস পলাতক বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, অহা দেওবাৰ অৰ্থাৎ 25 ছেপ্টেম্বৰৰ পৰা বিহৰাৰ সাপ্তাহিক গৰু বজাৰত মহকুমা প্ৰশাসনৰ লোক, আৰক্ষীৰ লোক আৰু জিলা পৰিবহন বিভাগৰ লোকৰ উপস্থিতিত সমগ্ৰ ঘটনাৱলীৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ২ ঘণ্টা নহয় এইবাৰ ২০ ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰিম : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.