ETV Bharat / state

থলুৱাক বঞ্চনাঃ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰ

author img

By

Published : Jun 24, 2019, 7:14 PM IST

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ ৷  চাহ বাগিচা উচ্ছেদ বন্ধ কৰা, চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলক সাহায্য প্ৰদান কৰা, শোধনাগাৰৰ কাষৰীয়া চাহ জনগোষ্ঠীয় অঞ্চল সমূহৰ উন্নয়ন কৰা আদি ভিন্ন দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে ।

নুমলীগড় শোধনাগাৰৰ চৌহদত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট, 24 জুন: গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ । চাহ বাগিচা উচ্ছেদ বন্ধ কৰা, চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলক সাহায্য প্ৰদান কৰা, শোধনাগাৰৰ কাষৰীয়া চাহ জনগোষ্ঠীয় অঞ্চল সমূহৰ উন্নয়ন কৰা আদিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে । দীর্ঘদিনে নুমলীগড় শোধনাগাৰে স্থানীয় লোকসকলক উন্নয়ন আৰু নিয়োগৰ ক্ষেত্ৰত বঞ্চনা কৰি অহাৰ অভিযোগ উঠি আহিছে । থলুৱা লোকক বঞ্চনা কৰি বহিৰাগত লোকক শোধনাগাৰত নিয়োগ কৰি অহাৰো অভিযোগ আছে ।

নুমলীগড় শোধনাগাৰৰ চৌহদত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইফালে সংগঠনটোৱে শোধনাগাৰৰ সামাজিক পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো স্থানীয় অঞ্চল সমূহক বাদ দি অহাৰ অভিযোগ উত্থাপন কৰিছে । অনাগত সময়ত সংগঠনটোৰ এই সমূহ দাবী মানি নল’লে শোধনাগাৰ অচল কৰি দিয়াৰ হুংকাৰ দিয়াৰ লগতে শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে লেটেকুজান চাহ বাগিচাৰ মাটি অধিগ্ৰহণ নকৰিবলৈ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

Intro:গোলাঘাট নুমলীগড় শোধনাগাৰ ৰ মুখ্যদ্বাৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ । Body:গোলাঘাট নুমলীগড় শোধনাগাৰ ৰ মুখ্যদ্বাৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ । চাহ বাগিচা উচ্ছেদ বন্ধ কৰা, চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলক সাহায্য প্ৰদান কৰা, শোধনাগাৰ কাষৰীয়া চাহ জনগোষ্ঠীয় অঞ্চল সমূহৰ উন্নয়ন কৰা আদি ৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে । প্ৰতিবাদত শতাধিক সদস্যৰ অংশগ্ৰহণ । দীর্ঘদিনে নুমলীগড় শোধনাগাৰে দীর্ঘদিনে স্থানীয় লোকসকলক উন্নয়ন আৰু নিয়োগৰ ক্ষেত্ৰত বঞ্চনা কৰি অহাৰ অভিযোগ উঠি আহিছে । থলুৱা লোকক বঞ্চনা কৰি বহিৰাগত লোকক শোধনাগাৰ ত নিয়োগ দি অহাৰো অভিযোগ আছে । ইফালে সংগঠনটোৱে শোধনাগাৰ ৰ সামাজিক পুঁজি ৰ ব্যৱহাৰৰ ক্ষেত্ৰতো স্থানীয় অঞ্চল সমূহক বাদ দি অহাৰ অভিযোগ আনিছে । অনাগত সময়ত সংগঠনটোৱৰ এই সমূহ দাবী মানি নললে শোধনাগাৰ অচল কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰাৰ লগতে শোধনাগাৰ সম্প্ৰসাৰণ ৰ বাবে লেটেকোজান চাহ বাগিচাৰ মাটি অধিগ্ৰহণ নকৰিবলৈ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।Conclusion:Byte 1 : প্ৰতিবাদকাৰী
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.