ETV Bharat / state

গোলাঘাটত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ

author img

By

Published : Mar 20, 2021, 8:42 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ গোলাঘাট নগৰত এক বৃহৎ বাইক ৰেলী বাহিৰ কৰি সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷

গোলাঘাটত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ
গোলাঘাটত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ

গোলাঘাট,20 মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ গোলাঘাট নগৰত এক বৃহৎ বাইক ৰেলী বাহিৰ কৰি সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ চলি যাব বুলি গোলাঘাটত মন্তব্য কৰে অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামীয়ে ৷

গোলাঘাটত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ
গোলাঘাটত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ

বিজেপি চৰকাৰ গ' বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ ৷

লগতে পঢ়ক: হোজাইত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.