ETV Bharat / state

হোলীৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Mar 29, 2021, 5:24 PM IST

ট্ৰেভেলাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হৈছে দুজনকৈ বাইক আৰোহী ৷ গোৱালপাৰাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ৷

accident-at-goalpara-amid-holi-festival
হোলীৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰা,29 মাৰ্চ: হোলীৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা চহৰৰ বাপুজিনগৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰেভেলাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হৈছে দুজনকৈ বাইক আৰোহী ৷ উত্তেজিত ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খনৰ গ্লাছ ভাঙি সুৰমাৰ কৰাৰ লগতে গাড়ীখনৰো যথেষ্ট ক্ষতিসাধন কৰে ৷

পৰিস্থিতি বিষম দেখি ঘটনাস্থলীতে গাড়ী এৰি পলায়ন কৰে ট্ৰেভেলাৰ খনৰ চালকে ৷ দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খনৰ নম্বৰ As-18AC-1857 আৰু বাইক খনৰ নম্বৰ হৈছে As-18-B-9616 ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃ আবিৰৰ ৰঙত মতলীয়া সত্ৰনগৰী বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.