ETV Bharat / state

দেৱলাল গাৰ্লোচাৰ অপসাৰনৰ দাবী তীব্ৰতৰ কৰি তুলিছে প্ৰাক্তন বিধায়কে

author img

By

Published : Feb 7, 2021, 7:28 AM IST

Updated : Feb 7, 2021, 10:48 AM IST

দেৱলাল গাৰ্লোচাকলৈ পুনৰ সৰৱ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ
দেৱলাল গাৰ্লোচাকলৈ পুনৰ সৰৱ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ

শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকলৈ পুনৰ সৰৱ হৈ পৰে প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএম সমৰজিত হাফলংবাৰ ৷

ডিমা হাছাও, 7 ফেব্ৰুৱাৰী : উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকলৈ পুনৰ সৰৱ হৈ পৰিল প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএম সমৰজিত হাফলংবাৰ ৷ শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন চিইএম গৰাকীয়ে কয়, আমি কোনো ব্যক্তিৰ বিৰোধী নহয় ৷ কিন্তু হত্যাৰ গোচৰত অভিযুক্ত এগৰাকী নেতাৰ কোনো সাংবিধানিক পদত থকাৰ অধিকাৰ নাই । নৈতিক দায়িত্ব পালন কৰি নিজেই নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগিছিল দেৱলাল গার্লোচাই ৷

দেৱলাল গাৰ্লোচাৰ অপসাৰনৰ দাবী তীব্ৰতৰ কৰি তুলিছে প্ৰাক্তন বিধায়কে

ইফালে, ছয়টাকৈ হত্যাৰ গোচৰত অভিযুক্ত এজন ব্যক্তিয়ে আদালতৰ পৰা ক্লিনচিট নোপোৱালৈকে সাংবিধানিক পদৰ আঁতৰি থাকিব লাগে, কিন্তু দেৱলাল গার্লোচাই সেয়া কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন চিইএম গৰাকীয়ে ৷ ইয়াৰ লগতে আগন্তুক নিৰ্বাচনত হাফলং সমষ্টিত বিৰোধী দলসমূহে একেলগ হৈ পাহাৰীয়া জিলাখনত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে এজনেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও সংবাদমেলত ঘোষণা কৰে হাফলংবাৰে ৷

লগতে পঢ়ক : দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ

Last Updated :Feb 7, 2021, 10:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.