DNLA ৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

author img

By

Published : Sep 7, 2022, 4:40 PM IST

DNLA ৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

ডিমা হাছাও জিলাৰ এখন কাঠৰ মিলৰ মালিকক 50 লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল মাইবাং মহকুমাৰ পুৰণা ডাকলিং গাঁৱৰ যুৱক সুজিত লাংথাচা (one arrest for demanding money) ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, সুজিত লাংঠাছা কোনো সংগঠনৰ সদস্য নহয় ৷

হাফলং, 7 ছেপ্টেম্বৰ : ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী যুৱক (Ban outfit DNLA) । ডিমা হাছাও জিলাৰ এখন কাঠৰ মিলৰ মালিকক 50 লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল মাইবাং মহকুমাৰ পুৰণা ডাকলিং গাঁৱৰ যুৱক সুজিত লাংথাচা ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, সুজিত লাংঠাছা কোনো সংগঠনৰ সদস্য নহয় ৷

DNLA announced ceasefire
DNLA ৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

উল্লেখযোগ্য যে, ডিএনএলএ উগ্ৰপন্থী সংগঠনে ইতিমধ্যে চৰকাৰৰ লগত অস্ত্ৰ বিৰতি ঘোষণা কৰি আলোচনাৰ মেজলৈ ঘূৰি আহিছে (DNLA announced ceasefire)। পৃথক হিড়িম্বা ৰাজ্যৰ দাবীলৈ আলোচনাৰ মেজলৈ আহিছে এই উগ্ৰপন্থী সংগঠনটো (Demand of separate Hidimbapur) । জানিব পৰা মতে, এতিয়াও 10-15 জনীয়া ডিএনএলৰ এটা গোট জংঘলত আছে । তেওঁলোক এতিয়াও আলোচনালৈ অহা নাই ।

DNLA announced ceasefire
DNLA ৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

ইপিনে কাৰ্বি-আংলং জিলাৰ ধনশিৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত মঙলবাৰে তিনি গৰাকী যুৱকে আত্মসমৰ্পন কৰে । এই তিনি গৰাকী যুৱকৰ ভিতৰত এগৰাকী যুৱক কাৰ্বি-আংলং জিলাৰ আৰু দুই গৰাকী যুৱক ডিমা হাছাও জিলাৰ । আত্মসমৰ্পণ কৰা তিনি গৰাকী যুৱকৰ মাজত আছে কাৰ্বি-আংলং জিলাৰ অবিনাশ খের্চা (18) ডিমা হাছাও জিলাৰ নৱদি লাংটিং গাঁৱৰ জিনত জিডোং (22) আৰু ছনম ফংলো ।

এই তিনি গৰাকী যুৱকে জানিবলৈ দিয়ে যে, প্ৰেতছিং জিডোং নামৰ এগৰাকী যুৱকে তেওঁলোকক ডিএনএলএ উগ্ৰপন্থী সংগঠনত যোগ দিয়াৰ বাবে জংঘললৈ মাতি লৈ গৈছিল ৷ কিন্তু জংঘলত যোৱাৰ পিচতে তেওঁলোকক কোনেও অস্ত্ৰ আৰু কোনো ধৰণৰ পোছাক দিয়া হোৱা নাই তেওঁলোকে এনেই জংঘলত ঘূৰি ঘূৰি অৱশেষত উপায় নাপাই আৰক্ষীৰ ওচৰতে আত্মসমৰ্পন কৰে বুলি জানিবলৈ দিয়ে এই তিনি গৰাকীযুৱকে ।

লগতে পঢ়ক: কোনে কি অভিপ্ৰায়েৰে বেলশিৰি নৈৰ পাৰত পুতিছিল অস্ত্ৰ-শস্ত্ৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.