ETV Bharat / state

Illegal Teer Racket Busted: হাফলং আৰক্ষীৰ অভিযানত আটক ৩ তীৰ ব্যৱসায়ী

author img

By

Published : Jan 14, 2022, 11:55 AM IST

haflong-police-raid-against-teer-game
তীৰ খেলৰ বিৰুদ্ধে হাফলং আৰক্ষীৰ অভিযান ,আটক ৩ তীৰ ব্যৱসায়ী

বিভিন্ন অপৰাধজনিত কাৰ্যৰ লগতে তীৰ খেলৰ লগত জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে ডিমা হাছাওত অব্যাহত আছে আৰক্ষীৰ অভিযান(Illegal teer Racket busted in Haflong) ৷ অভিযানত গ্ৰেপ্তাৰ 3 জন তীৰ ব্যৱসায়ী ৷

ডিমা হাছাও,14 জানুৱাৰী : বিভিন্ন অপৰাধজনিত কাৰ্যৰ সমান্তৰালকৈ ডিমা হাছাও জিলাত এইবাৰ তিৰ খেলৰ বিৰুদ্ধেও চলিল আৰক্ষীৰ অভিযান ৷ তীৰ, জুৱাৰ দৰে বিভিন্ন অসামাজিক কাৰ্য্যৰ বিৰুদ্ধে অভিযান ব্যাপক কৰি তোলা হাফলং আৰক্ষীয়ে এইবাৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তীৰৰ বেপাৰৰ লগত জড়িত তিনিজন লোকক আটক কৰে (Illegal teer Racket busted in Haflong) ৷

জানিব পৰা মতে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি দুদিন পূৰ্বে হাফলং আৰক্ষীয়ে হাফলঙত তীৰ খেলৰ বেপাৰৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধে অভিযানত ক্ৰমে লালহামউংথাং আমাও (57) মনোজ কুমাৰ সিনহা (44) এনাম উদ্দিন বৰভূঞা (41) নামৰ লোক কেইজনক আটক কৰিবলৈ সক্ষম হয় ৷

লোক কেইজনৰ পৰা আৰক্ষীয়ে নগদ ধন, 2 টা মোবাইল ফোন, 6 খন Entry Ticket book, 50 খন Blank Ticket book কে ধৰি তীৰ খেলৰ বেপাৰৰ বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়(Haflong Teer game) ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি হাফলং চহৰৰ বিভিন্ন এলেকাত একাংশ লোকে চলাই আছিল তীৰ খেলৰ অবৈধ বেহা ৷ কিন্তু এইবাৰ এই তীৰৰ বেহা উৎখাত কৰাৰ ক্ষেত্ৰত সষ্টম হৈ উঠিছে অসম আৰক্ষী ।

লগতে পঢ়ক : Anti Drug Mission: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কাৰ্বি আংলঙত আটক ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.