ETV Bharat / state

ডিমা হাছাওৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : Jun 16, 2021, 8:29 AM IST

Updated : Jun 16, 2021, 8:55 AM IST

health minister visits dimahasao district
ডিমা হাছাওত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ডিমা হাছাও জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে হাফলঙত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । জিলাখনৰ হাফলং অসামৰিক চিকিৎসালয়ত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে আইচিইউৰ নিৰ্মাণৰ কামৰ বুজ লয় ।

ডিমা হাছাও,16 জুন : ডিমা হাছাওৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(health minister Keshav Mahanta) হাফলঙত উপস্থিত হয় । ডিফুৰ পৰা গৈ হাফলঙত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে হাফলং অসামৰিক চিকিৎসালয়(haflong civil hospital)ত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে আইচিইউৰ নিৰ্মাণৰ কামৰ বুজ লয় ।

ডিমা হাছাওৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ইয়াৰ পিছতে জিলা উপায়ুক্তৰ সভাকক্ষত আৰক্ষী, প্ৰশাসন, স্বাস্থ্য বিভাগ তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ(Uttar Kachar autonomous council)ৰ লগতে জিলাখনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত উপস্থিত আছিল ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, জিলা উপায়ুক্ত পল বৰুৱা, বিধায়ক নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লোচা, পৰিষদৰ প্ৰধান সচিব জুবি নামপুই, স্বাস্থ্য বিভাগৰ দায়িত্বপ্ৰাপ্ত ইএম চেময়েল চাংছন, আৰক্ষী অধীক্ষক জয়ন্ত সিঙৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ উচ্চ বিষয়া ।

বৈঠকৰ শেষত এখন সংবাদমেলযোগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকী কয় যে, অনাগত 25 জুনত হাফলং অসামৰিক চিকিৎসালয়ৰ 21 খন বিচনাযুক্ত আইচিইউ নিৰ্মাণ কাম শেষ হ’ব ৷ ইয়াৰ লগতে শীঘ্ৰে হাফলং অসামৰিক চিকিৎসালয়ত শিশুসকলৰ বাবে আইচিইউ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব । তদুপৰি হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ খালী হৈ থকা পদবিলাকত নতুন নিযুক্তি সম্পৰ্কে মতামত দিয়ে ।

লগতে পঢ়ক: মীন বিভাগৰ আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্রীৰ

Last Updated :Jun 16, 2021, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.