মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই

author img

By

Published : Nov 9, 2021, 1:29 PM IST

fire at dima hasao

ডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই ৷ মাহুৰ বজাৰৰ সমীপত পানীৰ বাবে চলোৱা খনন কাৰ্যৰ ফলত উক্ত ঘটনা সংঘটিতত হয় ৷

ডিমা হাছাও, 9 নৱেম্বৰ : ডিমা হাছাওৰ মাহুৰত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ সোমবাৰে বিয়লি মাহুৰ ৰে’ল ষ্টেচনৰ সমীপত মাটিৰ তলৰ পৰা জুই নিৰ্গত হোৱা পৰিলক্ষিত হৈছে ৷ মাটিৰ তলত থকা পেট্ৰ’লিয়াম জাতীয় বস্তুৰ পৰা জুই জ্বলাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ।

স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, মাহুৰ বজাৰৰ সমীপত পানীৰ কাম কৰিবলৈ চলিছিল খনন কাৰ্য ৷ ঠাইখিনিত প্ৰায় 800 মিটাৰ গভীৰলৈ খনন কাৰ্য চলাই পাইপ সংযোগ কৰা হৈছিল ৷ কিন্তু তাৰপাচতো পানীৰ কোনো সন্ধান ওলোৱা নাছিল ৷ বৰং শিলগুটিহে ওলাইছিল ৷ উক্ত স্থানৰ পৰা সোমবাৰে আকস্মিকভাৱে নিৰ্গত হ’বলৈ ধৰে জুই ।

fire at dima hasao
ডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জুই নিৰ্গত হোৱা ঠাইখিনিত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷ এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই কোনো বিশেষজ্ঞৰ দল ৷

উল্লেখ্য যে, উক্ত ঠাইতে আজিৰ পৰা প্ৰায় ডেৰ-দুবছৰ আগতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : ভিন্ন কাৰ্যসূচীৰে ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.