ৰাষ্ট্ৰীয় ৱাটাৰ প'ল' দলত স্থান লাভ সোণাৰিৰ দুগৰাকী খেলুৱৈ

author img

By

Published : Oct 25, 2021, 9:49 PM IST

Two players of water polo select for National water polo competition

বাংগালুৰুত ২৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ৱাটাৰ প'ল' প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ জ্ঞানদ্বীপ ভূঞা আৰু মিণ্টুৰাজ বড়া ।

মৰাণ, 25 অক্টোবৰ : চৰাইদেউ সোণাৰিৰ এটা সাধাৰণ পুখুৰীত আন্তঃগাঁথনি অবিহনে প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে দুগৰাকী খেলুৱৈয়ে । সোণাৰিৰ আটালপুখুৰীত প্ৰশিক্ষক কৃষ্ণ বড়াৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় ৱাটাৰ প'ল' প্ৰতিযোগিতাত অসম দলত অন্তৰ্ভুক্ত হৈছে এই দুগৰাকী খেলুৱৈ । চৰাইদেউ জিলা সাঁতোৰ সন্থা আৰু ৱাটাৰ প'ল' সন্থাৰ দ্বাৰা ঐতিহাসিক আটালপুখুৰীত প্ৰশিক্ষণ লৈ নিৰ্বাচিত হোৱা প্ৰশিক্ষাৰ্থী দুগৰাকী হ'ল জ্ঞানদ্বীপ ভূঞা আৰু মিণ্টুৰাজ বড়া ।

ৰাষ্ট্ৰীয় ৱাটাৰ প'ল' দলত স্থান লাভ সোণাৰিৰ দুগৰাকী খেলুৱৈ

বাংগালুৰুত ২৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ৱাটাৰ প'ল' প্ৰতিযোগিতাত ১৩ জনীয়া অসম দলৰ হৈ অংশগ্ৰহণ কৰিব সোণাৰিৰ আটালপথাৰ গাঁৱৰ এই দুগৰাকী খেলুৱৈয়ে । ইয়াৰ পূৰ্বেও আন্তঃগাঁথনি অবিহনে এই ঐতিহাসিক পুখুৰীটোত নিজেই নিৰ্মাণ কৰি লোৱা বাঁহৰ দলঙৰ পৰা জঁপিয়াই প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে পদক বুটলিবলৈ সক্ষম হৈছিল বহু কেইগৰাকী খেলুৱৈ ।

লগতে পঢ়ক : ৰজতকমল বঁটাৰে উজলিল চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া বোলছবি ৰণুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.