ETV Bharat / state

Farming at Tingkhong : কৃষিভূমিতো সফল আন্দোলন কৃষক নেতা হিৰণ্য সোণোৱালৰ

author img

By

Published : Feb 7, 2023, 3:52 PM IST

কেৱল ৰাজপথৰ আন্দোলনেই নহয়, সমান্তৰালকৈ কৃষিভূমিতো আন্দোলন চলাই গৈছে কৃষক নেতা হিৰণ্য সোণোৱালে (KMSS leader Hiranya Sonowal)৷ সোণোৱালে নিজৰ লগতে আন বহু যুৱকক স্বাৱলম্বী হোৱাৰ পথ আঙুলিয়াই দিছে ৷

Farming at Tingkhong
কৃষিভূমিতো সফল আন্দোলন কৃষক নেতা হিৰণ্য সোণোৱালৰ

কৃষিভূমিতো সফল আন্দোলন কৃষক নেতা হিৰণ্য সোণোৱালৰ

ডিব্ৰুগড়, 7 ফেব্ৰুৱাৰী : টিংখাঙৰ হিৰণ্য সোণোৱাল এজন ব্যতিক্ৰমী যুৱক ৷ ৰাজপথ আৰু কৃষি পথাৰ উভয়তে সমানে আন্দোলন চলাই গৈছে হিৰণ্য সোণোৱালে (KMSS leader Hiranya Sonowal)৷ বহুলোকৰ অভিযোগ হাতে-কামে নস্যাৎ কৰি কৃষক সোণোৱালে সাম্প্ৰতিক সমাজত এটা ইতিবাচক বীজ ৰোপন কৰিছে ৷ সমাজক শিকাইছে, সমাজে কিছু শিকাৰ অৱকাশ লাভ কৰিছে হিৰণ্য সোণোৱালৰ পৰা ৷

কেৱল ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ থকাৰ বাবে বহু সংগঠনৰ নেতাক সাম্প্ৰতিক সময়ত ৰাইজে নেতিবাচক দৃষ্টিৰে চাবলৈ বাধ্য হৈছে ৷ দল-সংগঠনৰ নেতাসকলৰ সহজ পথেৰে ধন ঘটাৰ অভিযোগো উত্থাপিত হৈ আহিছে ৷ ভাষণত নেতাসকলে ৰাইজৰ সমস্যা আৰু জাতীয় অৰ্থনীতিৰ কথা ক'লেও বাস্তৱত নেতাসকলে সেইসমূহক কাৰ্যকৰী কৰাৰ পৰা আঁতৰত থকাই পৰিলক্ষিত হয় ৷ তেনে সময়তে ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ কৃষি আন্দোলনৰ যোগেদি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে কৃষক নেতাগৰীকীয়ে ৷

টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত বগৰিগুড়ি বৰবাম গাঁৱৰ হিৰণ্য সোণোৱাল নামৰ যুৱকজনে বিগত দহ বছৰে নিজ অঞ্চলত নীৰৱে কৃষি বিপ্লৱৰ সূচনা কৰি আহিছে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (Krishak Mukti Sangram Samiti) লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি হিৰণ্য সোণোৱালে ঋতু অনুযায়ী বিভিন্নধৰণৰ খেতিত মনোনিৱেশ কৰি আহিছে ৷ বৰ্তমান প্ৰায় দহ বিঘা কৃষিভূমিত ফুলকবি আৰু বন্ধাকবিৰ খেতি কৰিছে কৃষকগৰাকীয়ে ৷

প্ৰতিকেজিত প্ৰায় 17 টকাকৈ পাইকাৰী দৰত এইসমূহ ফচল তেওঁ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোগান ধৰি আহিছে ৷ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে কৰা কৃষিকৰ্মৰ জৰিয়তে হিৰণ্য সোণোৱালে নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ অন্য দহজন লোককো নিয়োজিত কৰি অৰ্থ আহৰণৰ পথ মোকলাই দিছে (KMSS leader farming at Tingkhong)৷

চাকৰিৰ বিজ্ঞাপনত দৃষ্টি নিৱদ্ধ থকা অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলক চাকৰিমুখী চিন্তাধাৰা পৰিত্যাগ কৰি কৃষিকৰ্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় হিৰণ্য সোণোৱালে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতৃত্ব বহন কৰি জাতীয় আৰু অৰ্থনৈতিক সংগ্ৰামক সমানে আগুৱাই নিবলৈ সক্ষম হোৱা হিৰণ্য সোণোৱাল নৱপ্ৰজন্মৰ এক আদৰ্শস্বৰূপ ৷

হিৰণ্য সোণোৱালে কয়- ‘‘কষ্ট কৰি লাভ কৰা ধন কেইটা লোৱাৰ আনন্দই সুকীয়া ৷ খেতি কৰি সুখী অনুভৱ কৰিছো ৷ খেতিত স্বাধীনতা আছে ৷’’

লগতে পঢ়ক : Angoorlata react on Child marriage: ভৱিষ্যতে মিঠা পাবলৈ হ’লে এতিয়া তিতা পোৱাটো স্বাভাৱিক: আঙুৰলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.