মৰাণৰ তিনি যুৱকৰ নিৰুদ্দেশে কৰিছে চাঞ্চল্য সৃষ্টি

author img

By

Published : Sep 23, 2021, 10:29 AM IST

Boy missing

একেখন গাঁৱৰ পৰা তিনিজন যুৱক একেলগে সন্ধানহীন হোৱা ঘটনাই মৰাণত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সোমবাৰৰ পৰাই তিনিওজন যুৱকৰে কোনো শুংসূত্ৰ পোৱা পৰিয়ালৰ লোকে । ক'ত গ'ল যুৱক কেইজন ? ৰাইজে কি সন্দেহ কৰিছে ?

মৰাণ, ২৩ ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে । জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাইৰ তিনিচুকীয়া গাঁৱৰ পৰা তিনিজনকৈ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে মৰাণত । সোমবাৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছে তিনিওজন যুৱক ।

Boy missing
মৰাণৰ এখন গাঁৱৰ পৰা সন্ধানহীন তিনিজনকৈ যুৱক

এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । এতিয়ালৈ যুৱক কেইজনৰ কোনোধৰণৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকলে বৰবৰুৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সন্ধানহীন যুৱককেইজন হৈছে লেজাইৰ তিনিচুকীয়া গাঁওৰ কুমুদ সোণোৱালৰ ১৮ বছৰীয়া পুত্ৰ সুমন সোণোৱাল, নৰেন সোণোৱালৰ ১৭ বছৰীয়া পুত্ৰ ধনঞ্জয় সোণোৱাল আৰু হেমন্ত সোণোৱালৰ ২৬ বছৰীয়া পুত্ৰ কমল সোণোৱাল ।

ইয়াৰে কমল সোণোৱালে ইতিমধ্যে শিক্ষাগ্ৰহণ শেষ কৰিছে যদিও সুমন সোণোৱাল আৰু ধনঞ্জয় সোণোৱালে ডিব্ৰুগড়ৰ এন এল বি চিটি কলেজত অধ্যয়ন কৰি আছে । ইতিমধ্যে পৰিয়ালৰ লোকে যুৱক কেইজনৰ বন্ধুসকলৰ লগত যোগাযোগ কৰিছে যদিও কোনো শুংসূত্ৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালক লোকসকল ।

Boy missing
মৰাণৰ এখন গাঁৱৰ পৰা সন্ধানহীন তিনিজনকৈ যুৱক

ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । একেটা দিনতে একেখন গাঁৱৰে তিনিজন যুৱক এনেদৰে সন্ধানহীন হোৱা ঘটনাই সকলোৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে ৷

একাংশ লোকে সন্দেহ কৰা মতে যুৱককেইজনে কোনো সশস্ত্ৰ সংগঠন যোগদান কৰিছে । কোনোৱে আকৌ এয়া অপহৰণৰ ঘটনা বুলিও সন্দেহ কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃততে যুৱক কেইজন সন্ধানহীন হোৱাৰ আঁৰত কি আছে ?

লগতে পঢ়ক : কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.