ETV Bharat / state

Tense situation in AMCH: সন্তান জন্ম দিয়েই মৃত্যু প্ৰসূতিৰ, চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 1:34 PM IST

Tense situation in AMCH
সন্তান জন্ম দিয়েই মৃত্যু প্ৰসূতিৰ

অসম চিকিৎসা মহাবিদ্যালয়ত নিশা প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি ৷ ভুল চিকিৎসাৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ ৷ বৰ্তমান সুস্থ অৱস্থাত আছে নৱজাতকটি ৷

অসম চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 13 ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্ছিং হোমসমূহত ৰোগীক কৰা ভুল চিকিৎসাৰ বাবে বহু ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ পাছত এইবাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিক ভুল চিকিৎসা কৰাৰ অভিযোগ । ইয়াকে লৈ নিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

জানিব পৰা অনুসৰি লেজাই কলাখোৱাৰ ইটাখুলি অঞ্চলৰ এগৰাকী প্ৰসূতিক 12 ছেপ্টেম্বৰৰ বিয়লি ভৰ্তি কৰোৱা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত । ভৰ্তি কৰাৰ পাছতেই প্ৰসূতিগৰাকীৰ ৰক্তচাপ বেছি হৈ থকাত চিকিৎসকে ৰক্তচাপ নিয়ন্ত্রণৰ ঔষধ আনিবলৈ দিছিল অভিভাৱকক । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পাছতে প্ৰসূতিগৰাকীৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰোৱা হয় । অৱশ্যে অস্ত্ৰোপ্ৰচাৰ কৰাৰ কথা জানিবলৈ দিয়া নাছিল পৰিয়ালক ।

উচ্চ ৰক্তচাপ থকাৰ পাছতো কেনেকৈ অস্ত্ৰোপ্ৰচাৰ কৰিলে সেই বিষয়ে প্ৰশ্ন কৰাত সন্তানটিৰ জটিল অৱস্থা সৃষ্টি হোৱা বাবে জৰুৰীভাৱে অস্ত্ৰোপ্ৰচাৰ কৰা বুলি জানিবলৈ দিয়ে চিকিৎসকে । অস্ত্ৰোপ্ৰচাৰৰ পাছতেই প্ৰসূতিগৰাকীক এ এম চি এইছৰ চুপাৰ স্পেচিয়েলিটি বিভাগলৈ লৈ যোৱা হয় যদিও তাতে মৃত্যু হয় প্ৰসূতি গৰাকীৰ ।

এই ঘটনাক লৈ তীব্র অসন্তুষ্টি, ক্ষোভ সৃষ্টি হৈছে পৰিয়ালৰ লোকৰ মাজত । প্ৰসূতিগৰাকীক চিকিৎসকে ভুল চিকিৎসা কৰাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ তুলিছে পৰিয়ালে । এই ঘটনাক লৈ পৰিয়ালৰ সদস্যসকলে চিকিৎসালয় চৌহদত নিশা সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । জানিব পৰা অনুসৰি মৃত্যু হোৱা মাতৃগৰাকীয়ে জন্ম দিয়া শিশুটোৰ অৱস্থা বৰ্তমান সুস্থ । পুৱতি নিশা শিশুসহ মৃত প্ৰসূতিগৰাকী নিজ গৃহলৈ লৈ যায় পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Shooting in US: চাঞ্চল্যকৰ ! ছাত্ৰৰ গুলীত মৃত্যু আন এজন ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.